সমললৈ যাওক

মিতভাষ

ৱিকিউদ্ধৃতিৰ পৰা

মিতভাষ হ’ল ড° নগেন শইকীয়াই অসমীয়া সাহিত্যত প্ৰৱৰ্তন কৰা এক নতুন আৰু অনন্য সৃষ্টিশীল লিখনশৈলী। এয়া কবিতা বা গদ্যৰ কোনো প্ৰথাসিদ্ধ ধাৰাত নপৰে, বৰঞ্চ চুটি আৰু মিতব্যয়ী শব্দৰ ব্যৱহাৰৰ মাজেৰে মানৱ মনোজগত, অনুভৱ আৰু জীৱনৰ অৰ্থ প্ৰকাশ কৰা এক সংযত প্ৰকাশভংগী। ১৯৯৫ চনত প্ৰকাশিত নগেন শইকীয়াৰ মিতভাষে আধুনিক অসমীয়া সাহিত্যত বিশেষ চৰ্চা লাভ কৰিছে। অতি কম শব্দত গভীৰ ভাব প্ৰকাশ কৰা হয়। দৃশ্য বা প্ৰতীকমূলক চিত্ৰকল্পৰ জৰিয়তে ভাৱানুভূতি ফুটাই তোলা হয়। ইয়াত মানুহৰ মনস্তত্ত্ব, অস্তিত্বৰ সংকট, স্বপ্নভংগ আৰু জীৱনৰ শূন্যতাৰ দৰে গম্ভীৰ বিষয়সমূহ ইয়াৰ মূল উপজীৱ্য। মিতভাষ গদ্য আৰু কবিতাৰ মাজৰ এক স্বকীয় ৰূপ, যি কথা-কবিতাৰপৰাও পৃথক।

  1. তেওঁ কোন মই নাজানো

তেওঁ কোন আছিল মই নাজানো। ক'ত দেখিছিলোঁ সেই কথাও পাহৰিলোঁ। কিন্তু তেওঁৰ মুখখনৰ ছবি মই কঢ়িয়াই লৈ ফুৰিছোঁ। তাৰ মাজত ফুটি উঠিছিল তেওঁৰ হৃদয়ৰ প্ৰতিচ্ছবি। কোমল। আহিনৰ দৰে কোমল শান্ত ৰূপ - সৰিপৰা শেৱালিৰ দুখেৰে সেমেকি থকা ৰূপ। মই বহুবাৰ যত্ন কৰিছোঁ এই ছবিখন আঁকি থ'বৰ কাৰণে। পৰা নাই। কাৰণ, তাৰ কোনো প্ৰতিৰূপ নাই। এনেকৈয়ে কিজানি সকলো মানুহে এখন আঁকিব নোৱৰা ছবি কঢ়িয়াই লৈ ফুৰে। [] (মিতভাষ সমগ্ৰ, পৃ. ১০)

  1. মই নাজানো কোনে কই থৈ গ'ল

মই নাজানো কোনে ৰুই থৈ গ'ল মোৰ বুকুৰ মাজত বিষাদ-বৃক্ষৰ এই পুলিটো। বতাহ লাগিলেই তাৰ বুকুৰ বিননি বিয়পি যায় আৰু বতাহ নাহিলে নিজৰ ভিতৰতে সি উচুপি থাকে। [] (মিতভাষ সমগ্ৰ পৃ. ৩১)

  1. সপোনৰ মাজত শুই থাকে

সপোনৰ মাজত শুই থাকে সপোন। ৰাতি ফুলা ফুলৰ দৰে এটা এটাকৈ তাৰ পাহি মেল খায় আৰু নতুন সপোন ৰচনা কৰে। সম্ভাৱনা আৰু অসম্ভাৱনাৰ মাজত ওলমি থাকে তাৰ প্ৰতিটো মুহূৰ্ত। [] (মিতভাষ সমগ্ৰ পৃ. ৪৭)

  1. জোনাক সোমাবলৈ

জোনাক সোমাবলৈ মই ঘৰৰ বেৰবোৰ খুলি থৈছিলোঁ। সোমাই আহিল আন্ধাৰ ৰাতি তৰাদাঁহী সাপ। মোৰ মজিয়াত সি এতিয়া কুণ্ডলী পকাই জোনাক পৰা ঠাইতে শুই আছে। [] (মিতভাষ সমগ্ৰ, পৃ. ৮১)

  1. এটা অসম্পূৰ্ণ

এটা অসম্পূৰ্ণ, অপূৰ্ণ স্বপ্নৰ মাজত মোৰ মুহূৰ্তৰ জীৱন - ঘূৰাই নাপাওঁ মোৰ হেৰোৱা সময় - মোৰ সুখ, মোৰ দুখ। প্ৰতিদিনে সাৰ পাই অনুভৱ কৰোঁ সময়ৰ অব্যৰ্থ আঘাত - গাত সীৰলু পাতিছে - শৰীৰ অৱশ - মন ক্ষত-বিক্ষত। [] (মিতভাষ সমগ্ৰ, পৃ. ১৭৫)

  1. এতিয়া শুকান পাতৰ দৰে

এতিয়া শুকান পাতৰ দৰে গাৰ ছাল - শুকাই যোৱা মাংসৰ দৰে চকুৰ মণি - মৃতকৰ মুখত লাগি থকা হাঁহিৰ দৰে প্ৰাণ। তাৰ মাজত এতিয়া উত্তেজনাৰ দুহাত নাই - বুৰবুৰণি নাই। শব্দৰ শৰীৰৰ ৰং, বৰণ, প্ৰেম, ভয় – একো নাই। কেৱল প্ৰৱাহিত নদীৰ পানীত নাৰিকল পাতৰ ছাঁত আছে চতুৰ্দশীৰ ছবিৰ জোনটো। [] (মিতভাষ সমগ্ৰ, পৃ. ১৪৫)

  1. বুকুৰ সকলো সেউজীয়া

বুকুৰ সকলো সেউজীয়া এতিয়া অন্তৰ্হিত- কেৱল জীয়াই আছে সিজুৰ কাঁইট। ধুমুহাই চিৰাচিৰ কৰা কলপাতৰ দৰে পৰি আছে মোৰ অতীত - শীতত শুকাই যোৱা জলাশয়ৰ দৰে অভ্যন্তৰ। এতিয়া ইয়াত কেৱল হেমন্তৰ হাহাকাৰ। [] (মিতভাষ সমগ্ৰ, পৃ. ১৩১)

  1. ফুলৰ জুনুকাত ওলমি থকা

ফুলৰ জুনুকাত ওলমি থকা সুৰৰ টোপাল পোহৰত শুকাই গ'ল। এতিয়া কেৱল পাপৰিবোৰৰ বিষাদ ওপঙি আছে। তাতে গা ধুই আছে সৰু চৰাই এটাই। এয়াই তাৰ শেষ গা-ধোৱা। [] (মিতভাষ সমগ্ৰ, পৃ. ১২১)

  1. চাকিটো জ্বলি আছে

চাকিটো জ্বলি আছে - মোৰ গাত তাৰ সোণালী পোহৰ। কিন্তু মোৰ ভিতৰত কি চেঁচা আন্ধাৰৰ স্পৰ্শ! মই এই শীতলতা গুচাবলৈ একুৰা জুই ধৰিব খোজোঁ। কিন্তু অভ্যন্তৰৰ সকলো আচ-বাব শীতত 'শিল' হৈ পৰিছে আৰু তিতি আছে। মই কেবল বাট চাই আছোঁ জ্বলি থকা চাকিটোৰ উত্তাপ বুকুৰ ভিতৰলৈ কেতিয়া সোমাব - সেই ক্ষণটোলৈ। মই বাট চাই আছোঁ। [] (মিতভাষ সমগ্ৰ,পৃ. ২৭১)

মিতভাষ সম্পৰ্কে মন্তব্য

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • 'মিতভাষ' কি - এই প্ৰশ্নটো মোৰো, যদিও নামটো ময়ে দিছোঁ। মোৰ এই লেখাখিনিক পৰিচয় কৰাই দিবলৈ ইয়াতকৈ বেলেগ এটা শব্দ বিচাৰি পোৱা নাই। নিঃসীম শূন্যতাৰ পটভূমিত নিজৰ জীৱনক অনুভৱ কৰোঁতে মনৰ ভিতৰত সৃষ্টি হোৱা ৰাগ-অনুৰাগৰ ই বোধকৰোঁ অসহায় শব্দৰ প্ৰকাশ হৈ ধৰা দিছে। মিতভাষ সেয়ে কবিতা নহয়, কথা-কবিতা নহয়, গল্পৰ স্কেচ্ছ নহয় বা দাৰ্শনিক চিন্তাৰ প্ৰকাশো নহয়। অৱশ্যই তাৰ মাজত ইবিলাকৰ কিবা বীজ থাকিলেও থাকিব পাৰে। --নগেন শইকীয়া, লেখকৰ নিজা অভিমত। []
  • কবি নীলমণি ফুকন- "ই নতুন বস্তু। কোনোটোহঁত কবিতাৰ ওচৰা-উচৰি। কোনোটোহঁত নিভাঁজ কবিতাই। কিছুমান টুকুৰা জিল্মিলাই থকা বাখৰৰ দৰে।" []
  • কবি নৱকান্ত বৰুৱা- "মিতভাষ তোমাৰ অমিত অভিজ্ঞতাৰ নিৰ্যাস .......ই এটা নতুন ধাৰা।”
  • প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱ - ‘‘আপোনাৰ কবিতাকেইটা বৰ মৰ্মস্পৰ্শী।” []
  • Prof. M. G. K. Menon- "I found it highly sensitive and asking very basic questions of a deep philosophical nature." []
  • নগেন শইকীয়া- "লিখিবৰ সময়ত মই কলমটো হৃদয়ত জুবুৰিয়াই লওঁ। সেইবাবেইতো মোৰ কলমৰ আগেদি টোপ টোপকৈ চকুপানী সৰে।”[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ নগেন শইকীয়া (২০১৪)। মিতভাষ সমগ্ৰ। গুৱাহাটী। পেপিৰাছ, গুৱাহাটী। ISBN: 978-93-81287-16-3
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ নগেন শইকীয়া (২০১৪)। মিতভাষ সমগ্ৰ। গুৱাহাটী। পেপিৰাছ, পৃষ্ঠা:৩০২-৩০৪।