সমললৈ যাওক

মিখাইল তাল

ৱিকিউদ্ধৃতিৰ পৰা
আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক এনে এটা গভীৰ, অন্ধকাৰ অৰণ্যলৈ লৈ যাব লাগে য’ত ২+২=৫, আৰু বাহিৰলৈ যোৱা পথ এজনৰ বাবেহে যথেষ্ট প্ৰশস্ত।


মিখাইল তাল (৯ নভেম্বৰ ১৯৩৬ – ২৮ জুন ১৯৯২) আছিল এজন লাটভিয়ান দবা খেলুৱৈ আৰু অষ্টম বিশ্ব দবা চেম্পিয়ন। তেওঁক "ৰিগাৰ যাদুকৰ" বুলি কোৱা হয়।


  • পিছত, সিদ্ধান্তমূলক খেলসমূহত মই সফল হ’বলৈ ধৰিলোঁ, সম্ভৱতঃ এই কাৰণে যে মই এটা অতি সৰল সত্য উপলব্ধি কৰিলোঁ: কেৱল ময়ে চিন্তিত আছিলোঁ এনে নহয়, মোৰ প্ৰতিদ্বন্দ্বীও চিন্তিত আছিল।
    • লাইফ এণ্ড গেমছ অব মিখাইল তাল( ১৯৯৭)

  • বগা ৰঙেৰে খেলিলে ড্ৰ’ৰ বাবে খেলা, কম বেছি মাত্ৰাত দবাৰ বিৰুদ্ধে অপৰাধ।
    • লাইফ এণ্ড গেমছ অব মিখাইল তাল( ১৯৯৭)

  • প্ৰথমবাৰ দবা খেলা এজন মানুহৰ অৱস্থা হংকং ফ্লুৰ দৰে জীৱাণুৱে সংক্ৰমণ কৰা লোকৰ দৰে। তেনে এজন মানুহ ৰাস্তাৰে খোজ কাঢ়ে, আৰু তেওঁ এতিয়াও নাজানে যে তেওঁ অসুস্থ। তেওঁ সুস্থ অনুভৱ কৰে, কিন্তু জীৱাণুবোৰে তেওঁৰ কাম কৰি আছে।
    • লাইফ এণ্ড গেমছ অব মিখাইল তাল( ১৯৯৭)