সমললৈ যাওক

মিখাইল গৰ্বাচেভ

ৱিকিউদ্ধৃতিৰ পৰা
মই নাভাবো যে আমাক কোনো নতুন মূল্যবোধৰ প্ৰয়োজন। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি যিবোৰ সাৰ্বজনীনভাৱে জনাজাত মূল্যবোধৰ পৰা আঁতৰি আহিছো, সেইবোৰক পুনৰ সজীৱ কৰি তুলিবলৈ চেষ্টা কৰা।

মিখাইল চাৰ্গেয়েভিচ গৰ্বাচেভ (জন্ম,২ মাৰ্চ ১৯৩১ – মৃত্যু, ৩০ আগষ্ট ২০২২) ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈকে তেওঁ ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু নেতা আছিল।তেওঁৰ সংস্কাৰৰ প্ৰচেষ্টাই শীতল যুদ্ধৰ অন্ত পেলোৱাত সহায় কৰিছিল যদিও ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ (CPSU) ৰাজনৈতিক আধিপত্যৰ অন্ত পেলাই ছোভিয়েট ইউনিয়ন ভংগ হোৱাত সহায় কৰিছিল। ১৯৯০ চনত তেওঁক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয়।

  1. যদি নিজৰ ঘৰখনেই চিজিল লগোৱাটো সম্ভৱ নহয় তেন্তে বিশ্বৰ শ্ৰেষ্ঠ হৈ লাভ কি।[]
  2. আমেৰিকাৰ কিছুমান মানুহে আমাৰ সম্পৰ্কৰ এই গাঁথনিটোত নখ হাতুৰীৰে কোবাইছে, আৰু তাৰ পিছত মূৰ কাটিছে। গতিকে ছোভিয়েটসকলে দাঁত ব্যৱহাৰ কৰি সেইবোৰ উলিয়াই আনিব লাগিব।[]
  3. বজাৰ পুঁজিবাদৰ আৱিষ্কাৰ নহয়। যুগ যুগ ধৰি ইয়াৰ অস্তিত্ব আছে। ই সভ্যতাৰ আৱিষ্কাৰ।[]
  4. যীচু আছিল প্ৰথম সমাজবাদী, প্ৰথমে মানৱ জাতিৰ বাবে উন্নত জীৱন বিচৰা লোক।[]
  5. মানৱতাৰ প্ৰতি আজিকালিৰ দৰে ভয়ানক ভাবুকি আগতে কেতিয়াও হোৱা নাছিল। বৰ্তমানৰ পৰিস্থিতিৰ পৰা ওলাই অহাৰ একমাত্ৰ যুক্তিসংগত উপায় হ’ল অস্ত্ৰৰ দৌৰ তাৎক্ষণিকভাৱে বন্ধ কৰা, সৰ্বোপৰি পৃথিৱীত পাৰমাণৱিক অস্ত্ৰ আৰু মহাকাশত ইয়াৰ প্ৰতিৰোধৰ বিষয়ত বিৰোধী শক্তিসমূহৰ মাজত চুক্তি। সৎ আৰু ন্যায্য ভিত্তিত, আন পক্ষক আগুৰি ধৰিবলৈ চেষ্টা নকৰাকৈ আৰু চৰ্ত নিৰ্ধাৰণ নকৰাকৈ কৰা চুক্তি। এনে এক চুক্তি যিয়ে সকলোকে আদৰৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিব: পাৰমাণৱিক যুদ্ধৰ ভাবুকি সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ দিশত, পাৰমাণৱিক অস্ত্ৰ সম্পূৰ্ণৰূপে নিৰ্মূল আৰু সদায়ৰ বাবে নিষিদ্ধ কৰাৰ দিশত। এইটোৱেই আমাৰ দৃঢ় বিশ্বাস।[]
  6. "গণতন্ত্ৰ হৈছে সেই পৰিষ্কাৰ আৰু বিশুদ্ধ বায়ু যাৰ অবিহনে কোনো সমাজবাদী ৰাজহুৱা সংগঠনে পূৰ্ণ আৰু সজীৱ জীৱন কটাব নোৱাৰে।" []
  7. "চেৰ্নোবিল দুৰ্ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে মানৱতাক পাৰমাণৱিক যুদ্ধৰ ভাবুকি আহিলে মুকলি হ'ব পৰা অগাধৰ গভীৰতা। কাৰণ পাৰমাণৱিক অস্ত্ৰৰ মজুতৰ ভিতৰত চেৰ্নোবিলতকৈ বহু বেছি ভয়ংকৰ হাজাৰ হাজাৰ দুৰ্যোগ লুকাই আছে।"[]
  1. মহৎ লোকৰ মহান বাণী, কুবেৰ পাব্লিকেচন
  2. As quoted in TIME magazine (9 September 1985)
  3. Statement (8 June 1990), as quoted in The Economics of the Environment and Natural Resources (2004) by R. Quentin Grafton, p. 277
  4. As quoted in The London Daily Telegraph (16 June 1992)
  5. https://www.upi.com/Archives/1985/03/11/Excerpts-from-Gorbachevs-first-speech-as-USSR-leader/7718246188921/ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সন্মুখত ভাষণ (১১ মাৰ্চ ১৯৮৫)
  6. ১৯৮৬ চনৰ ২৫ ফেব্ৰুৱাৰীত মস্কোৰ ২৭ সংখ্যক পাৰ্টি কংগ্ৰেছত দিয়া ভাষণ
  7. চেৰ্নোবিল দুৰ্ঘটনাৰ ওপৰত ভাষণ, ১৫ মে', ১৯৮৬