মালিনী গোস্বামী
অৱয়ব
মালিনী গোস্বামী সংস্কৃত ভাষা-সাহিত্যৰ বিদূষী-গৱেষক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা। যোৰহাটত জন্মগ্ৰহণ কৰা গোস্বামীৰ পিতৃৰ নাম পদ্মেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু মাতৃৰ নাম নলিনী গোস্বামী। তেওঁ প্ৰায় ৩৬খন গৱেষণাধৰ্মী গ্ৰন্থ ৰচনা কৰে। হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁ লিখা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল, মৃচ্ছকটিকমীমাংসা, ৰঘুৰপি কাব্যম্, অসমত সংস্কৃত চৰ্চাৰ ইতিহাস, পাঠ সমীক্ষা, সংস্কৃতায়ন, শ্ৰুতি ভাৰতী, বাণভট্ট বিৰচিত হৰ্ষচৰিত, আনন্দৰাম বৰুৱা, ভাগৱত বিভূতি, কৃষ্ণকান্ত সন্দিকৈ আদি।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই মোৰ গৱেষক ছাত্ৰসকলক কওঁ, কুঁৱা খান্দা, পুখুৰী নাখন্দিবা। কুঁৱা যিমানেই গভীৰ হ’ব পানী সিমানেই নিৰ্মল হ’ব।[১]
- শংকৰদেৱ আদি কৰি মধ্যযুগৰ সকলো সাহিত্যিকে নিৰ্দিষ্ট ভাষা-বিধি অনুসৰণ কৰিছিল। সেই কথা চৰিত পুথিসমূহত পোৱা যায়। এইসকল জ্ঞানী লোকে অসমীয়া ভাষাত সৰ্বতোপ্ৰকাৰ বিশুদ্ধতা ৰক্ষা কৰাত সততে মনোযোগ দিছিল। আধুনিক কালত হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা প্ৰমুখ্যে ভাষাবিদসকলে ব্যাকৰণ লিখি ভাষাটো বিপথগামী হোৱাৰ পৰা ৰক্ষা কৰিছিল। তেনে চেষ্টা যোৱা দুটা দশক আগলৈকে চলি আহিছে। ..... উত্তৰ প্ৰজন্মকো এই ধ্ৰুপদী ৰূপ ধৰি ৰাখিবলৈ প্ৰস্তুত কৰাটো অভিভাৱক আৰু শিক্ষকৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা।[১]
- অসমীয়া ভাষাত শব্দৰ অভাৱ নাই। কেৱল চুকে-কোণে, মুখে মুখে, ঠায়ে ঠায়ে চলি অহা শব্দবোৰ একগোট কৰিব লাগে আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে অসমীয়া শব্দ বুলি সেইবোৰ ব্যৱহাৰ কৰিব লাগে।[১]
- পৃথিৱীত মানুহে জীৱন ধাৰণ কৰিবৰ বাবে যিমানবোৰ জ্ঞানৰ প্ৰয়োজন, মানুহৰ মূৰৰ ওপৰত, ভৰিৰ তলত, সোঁৱে-বাঁৱে বেৰি, জলে-স্থলে-আকাশে যতবোৰ বিষয় সামগ্ৰী আছে, সেইবোৰৰ বিষয়ে পুৰাণবোৰে আলোচনা কৰে।[২]
- বাগ্মিতা হ’ল সি, যিয়ে পৰিমিত কথাৰে পৰিমিত শব্দেৰে সাৰ কথা ক’ব পাৰে। বহু কথা ক’লে তাক কোৱা হয় বহুবল্কী।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ সুকন্যাত ড° মালিনী গোস্বামী. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2025.
- ↑ ভাৰতীয় জ্ঞান পৰম্পৰাৰ জ্ঞান কোষ পুৰাণ. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2025.
- ↑ ড° মালিনীৰ ভাষণ. আহৰণ কৰা হৈছে: 23 এপ্ৰিল 2025.