সমললৈ যাওক

মাডোনা

ৱিকিউদ্ধৃতিৰ পৰা
মই নাৰীবাদী নহয়, মই এজন মানৱতাবাদী।

মাডোনা লুইজ চিকন (জন্ম ১৬ আগষ্ট ১৯৫৮), যি কেৱল তেওঁৰ প্ৰথম নাম মাডোনা নামেৰে পৰিচিত, এগৰাকী আমেৰিকান পপ গায়িকা-গীতিকাৰ, নৃত্যশিল্পী আৰু অভিনেত্ৰী। সংবাদ মাধ্যমে তেওঁক প্ৰায়ে 'পপৰ ৰাণী' বুলি অভিহিত কৰে। মাডোনাৰ ৰেকৰ্ড কোম্পানীৰ মতে সমগ্ৰ বিশ্বতে তেওঁৰ ৩০০ নিযুততকৈ অধিক ৰেকৰ্ড বিক্ৰী হৈছে।

  • মই কেতিয়াও প্ৰচলিত ধৰণৰ জীৱন যাপন কৰা নাই, গতিকে মই বা আন কোনোবাই যদি ভাবিবলৈ আৰম্ভ কৰে যে মই গতানুগতিক পছন্দবোৰ কৰিবলৈ লম, তেন্তে সেয়া একেবাৰে মূৰ্খামি হ’ব।
  • "বহুত মানুহ মোক লৈ বিমোৰত পৰে; তেওঁলোকে মোৰ বিষয়ে কি ভাবিব লাগে নাজানে, সেয়ে তেওঁলোকে মোক এটা নিৰ্দিষ্ট সাঁচত পেলাবলৈ বা সৰু কৰি দেখুৱাবলৈ চেষ্টা কৰে। চাগে তেওঁলোকে অসুৰক্ষিত অনুভৱ কৰে। কিন্তু যিকোনো সময়তে যেতিয়া আপোনাৰ কোনো বস্তুৰ প্ৰতি অতি আৱেগিক বা যুক্তিহীন, নেতিবাচক প্ৰতিক্ৰিয়া হয়, তাৰ অৰ্থ হ’ল আপুনি আপোনাৰ ভিতৰত জগাই তোলা কিবা এটাক লৈ ভয় খাইছে।"
  • এশ বছৰ ভেড়া হৈ জীয়াই থকাতকৈ এবছৰ বাঘ হৈ জীয়াই থকাটো ভাল।
  • "মই ঘোঁৰা ভাল পাওঁ। মোৰ ধাৰণা হয় যে মই হয়তো অন্য কোনো জনমত হেনৰী অষ্টমৰ এজন নাইট আছিলোঁ, যি এখন বিশাল অৰণ্যৰ মাজেৰে ঘোঁৰা চলাই গৈছিল।"
  • "মই কঠোৰ, উচ্চাকাংক্ষী, আৰু মই ঠিক কি বিচাৰোঁ সেইটো জানো। যদি সেয়া মোক এগৰাকী 'বিচ্চ' (দুষ্ট মহিলা) কৰি তোলে, তেন্তে ঠিক আছে।"
  • "জনপ্ৰিয়তা এটা উপ-জাত সামগ্ৰী। জনপ্ৰিয়তা এনে এটা বস্তু হোৱা উচিত যিটো আপুনি কৰা কামৰ বাবে আহে যিটোৱে মানুহৰ সৈতে কথা পাতে... এজন ব্যক্তিয়ে কেতিয়াও কেৱল বিখ্যাত হোৱাৰ হেঁপাহ কৰা উচিত নহয়।"
  • "মই চাগে পূৰ্বজন্মত জাপানী আছিলোঁ। মই নিশ্চিত যে মই এগৰাকী যোদ্ধা আছিলোঁ। মই এইটো বুজাব নোৱাৰোঁ, মই মাত্ৰ জানো। মই যুদ্ধ কৰাত পাকৈত - এখন ডাঙৰ তৰোৱালেৰে যুদ্ধ কৰাত।"