মহাৰথী (উপন্যাস)
অৱয়ব
মহাৰথী , চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দ্বাৰা ৰচিত এখন উপন্যাস য’ত মহাভাৰতৰ কৰ্ণ এক বিশাল প্ৰতিভাসম্পন্ন মহাপ্ৰাণ চৰিত্ৰৰ আলোকসন্ধানী বিশ্লেষণ কৰা হৈছে। প্ৰথম প্ৰকাশ ১৯৯২ চন। সাহিত্য অকাডেমী বঁটা লাভকৰে ১৯৯৫ চনত।
উদ্ধৃতি সমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- উদ্দেশ্য যদি অপাৰ্থিৱ হয়, মন যদি শিলৰ ৰেখাৰ দৰে দৃঢ় হয়, তেনে হলে শৰীৰৰ ওপৰত কৰা হাজাৰ আঘাতেও আত্মা আৰু মনক স্পৰ্শ নকৰে। শৰীৰৰ ওপৰত অত্যাচাৰ যিমানে বেছি হব, সিমানে মনৰ শক্তিয়ে উত্তৰণৰ পথত গতি কৰিব।[১]
- কথিত আছে যে- কীট আৰু পতঙ্গই কাৰো বাধা নামানি তাৰ নিৰ্দিষ্ট বিন্দুত হাজিৰ হবগৈয়েই, আন কাৰো বাধা নেপালে, তাৰ নিজস্ব বাসনা চৰিতাৰ্থ নকৰাকৈ কেতিয়াও নেথাকে। [২]
- কোনো এক বন্য পশুক দুদিন মান কাষৰ পৰা নিৰীক্ষণ কৰি, তাৰ নিজস্ব চৰিত্ৰক পৰম সহানুভূতিৰে আয়ত্ব কৰাৰ পিছতহে তুমি তাক হত্যা কৰিব পাৰিবা। নহ’লে তুমি যিকোনো এক সাধাৰণ ব্যাধত পৰিণত হ’বা । তুমি চিকাৰী হিচাপে আনক চমক খুৱাব পাৰিলেও, নিষাদ হিচাপে তোমাৰ খ্যাতি সৰ্বত্ৰ বিয়পি নপৰিব। [৩]
- এই আকাশ, এই সূৰ্য, এই ঝৰণাৰ সূঁতি, এই পৰ্ব্বত, এই বতাহ- এই আটাই বোৰেই সৃষ্টি কৰিছে এক অপাৰ্থিৱ সমন্বয়ৰ, যি মৃত্যুহীন, মানুহৰ সীমাবদ্ধতাই যাক স্পৰ্শ নকৰে। এই অনন্ত সনাতন অসীমতাৰ তুলনাত মানুহ যে কিমান তুচ্ছ! অথচ সেই মানুহৰে কি অহঙ্কাৰ, কি স্বাৰ্থপৰতা! মানুহে মানুহক মানুহ হিচাপে জ্ঞান নকৰি কৰে জাতি হিচাপে, কুল হিচাপে, বৰ্ণ, গোত্ৰৰূপে। [৪]
- মানুহে যেতিয়া এটা ডাঙৰ দোষ কৰে, তাৰ বাবে সি শাস্তি পাবৰ বাবে, অপমানিত হ’বৰ বাবে, অথবা অনুতপ্ত হ’বৰ বাবে মনে মনে গোপনে প্ৰতি মুহূৰ্ততে সাজু হৈ থাকে বুলি মোৰ এক বদ্ধমূল ধাৰণা অছে। [৫]
- যৌৱনত অস্ত্ৰ শিক্ষা, শাৰীৰিক ব্যায়াম আদিৰ লগতে নাৰীক মোহন কৰিব পৰাও হল অটুট স্বাস্থ্যৰ এক ডাঙৰ উদ্দেশ্য।[৬]
- অন্যৰ পৰম দুখৰ সমব্যথী হোৱাই হল অন্যৰ মনত সান্তনা দিয়াৰ উৎকৃষ্ট উপায়।[৭]
- এক মহৎ আদৰ্শ অথবা উদ্দেশ্যৰ লগত মনৰ যদি একান্ত বোধ নিবিড় হয়, তেতিয়া শৰীৰৰ ওপৰত বৰ্ষিত অবিৰত শাস্তি সম্পূৰ্ণ ভাবে অতিক্ৰমি মানুহে মনৰ শান্তিত স্বৰ্গৰাজ্যত বাস কৰিব পাৰে। [৮]