মহাশ্বেতা দেৱী
অৱয়ব
মহাশ্বেতা দেৱী (১৪ জানুৱাৰী ১৯২৬ – ২৮ জুলাই ২০১৬) এগৰাকী ভাৰতীয় বাঙালী কথাসাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনৰ কৰ্মী আছিল। তেওঁ ভাৰতৰ পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ জনজাতি (বিশেষকৈ লোধা আৰু সবৰ জনজাতি) সকলৰ অধিকাৰ আৰু সবলীকৰণৰ বাবে কাম কৰিছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হ’ল - হাজাৰ চুৰাশীৰ মা, ৰুদালী, অৰণ্যেৰ অধিকাৰ ইত্যাদি। সাহিত্য অকাডেমী বঁটা (বাংলা ভাষাত), জ্ঞানপীঠ বঁটা আৰু ৰমন মেগছেছে বঁটা, আৰু ভাৰতৰ চতুৰ্থ আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ক্ৰমে পদ্মশ্ৰী আৰু পদ্ম বিভূষণকে ধৰি কেইবাটাও সাহিত্যিক বঁটা লাভ কৰে। পশ্চিমবংগ চৰকাৰে তেওঁক পশ্চিমবংগৰ সৰ্বোচ্চ অসামৰিক সন্মান বাঙালী ভূষণ বঁটা প্ৰদান কৰে।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীত একো শেষ নহয়—মুণ্ডাৰী দেশ—মাটি—শিল—পাহাৰ—অৰণ্য—নদী—ঋতুৰ পিছত ঋতুৰ আগমন—সংগ্ৰামৰ কেতিয়াও শেষ নহয়, শেষ হ'ব নোৱাৰে। সংগ্ৰামৰ অন্ত পৰাজয়ত নহয়। ৰৈ যায়, কাৰণ মানুহ থাকে, আমি থাকোঁ।[১]
- শোকতকৈ সময় শক্তিশালী। শোক তীৰভূমি, সময় জাহ্নৱী। শোকৰ ওপৰত সময়ৰ পলস আৰু পলস। তাৰ পাছত এদিন প্ৰকৃতিৰ অমোঘনিয়ম অনুযায়ী, সময়ৰ পলসত পুতি থোৱা শোকৰ পৰা সৰু সৰু ডাল অঙ্কুৰিত হয়৷ অঙ্কুৰিত৷ আশাৰ-দুখৰ-চিন্তাৰ-ঘৃণাৰ। অঙ্কুৰিত ডালবোৰ ওপৰলৈ যায়, আকাশখন খামুচে। সময়ে সকলো কৰিব পাৰে।[২]
- যিসকলে লিখা-পঢ়া নাজানে তেওঁলোকেই কেৱল মুৰ্খ নহয়৷ যিসকলে জানিব নিবিচাৰে, যিসকলে প্ৰশ্ন কৰিব নোৱাৰে, যিসকলৰ জ্ঞানতৃষ্ণা নাই, তেওঁলোকো মূৰ্খ।[৩]
- সকলোৰে দৰে হ’ব বিচাৰে, কেৱল নিজৰ নিচিনা নহয়৷ তাৰ নামেই ফেশ্বন।[৪]
- মই সদায় বিশ্বাস কৰি আহিছোঁ, সঁচা ইতিহাস সাধাৰণ মানুহৰ দ্বাৰা ৰচিত হয়। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সাধাৰণ ৰাইজে বিভিন্ন ৰূপত কঢ়িয়াই অনা লোককথা, লোকগীত, উপকথা আৰু আখ্যানৰ পুনৰাবিৰ্ভাৱৰ সৈতে মই অহৰহ পৰিচিত হৈ আহিছোঁ।[৫]
- মোৰ লেখাৰ কাৰণ আৰু প্ৰেৰণা হৈছে সেইসকল লোক যিসকল পদদলিত আৰু যাক ব্যৱহাৰ কৰা হৈছে, কিন্তু হাৰ নামানে। মোৰ বাবে লিখিবলগীয়া সামগ্ৰীৰ অন্তহীন উৎস হ’ল এই আচৰিত ধৰণে সম্ভ্ৰান্ত মানুহবোৰ, এই নিৰ্যাতিত মানুহবোৰ। আন কৰবালৈ কিয় বাৰু মই কেঁচামাল বিচাৰি যাম, মই যেতিয়া তেওেঁলাকক চিনি পাবলৈ আৰম্ভ কৰিছোঁ? কেতিয়াবা এনে লাগে যেন মোৰ লেখাবোৰ আচলতে তেওঁলোকৰ দ্বাৰা লিখা।[৬]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ অৰণ্যেৰ অধিকাৰ।
- ↑ হাজাৰ চুৰাশিৰ মা।
- ↑ অৰণ্যেৰ অধিকাৰ।
- ↑ হাজাৰ চুৰাশিৰ মা।
- ↑ Of Women, Outcastes, Peasants, and Rebels: A Selection of Bengali Short Stories। University of California Press, পৃষ্ঠা:২৪।
- ↑ Of Women, Outcastes, Peasants, and Rebels: A Selection of Bengali Short Stories। University of California Press, পৃষ্ঠা:২৪।