মহম্মদ হবিবুৰ ৰহমান
অৱয়ব
ন্যায়াধীশ মহম্মদ হবিবুৰ ৰহমান (৩ ডিচেম্বৰ ১৯২৮ – ১১ জানুৱাৰী ২০১৪)-এ বাংলাদেশৰ সপ্তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ তেওঁ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰে। এজন গৱেষক, সাহিত্যিক, শিক্ষাবিদ, আইনজীৱী, ৰবীন্দ্ৰ বিশেষজ্ঞ, ভাষাবিদ আৰু অভিধানকাৰ হিচাপে তেওঁৰ অৱদান উল্লেখযোগ্য।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "দেশত সংবাদ মাধ্যমৰ স্বাধীনতা বুলিলে ধাৰণা হয় যেন মালিকৰ স্বাধীনতা। কিন্তু মালিক আৰু সাংবাদিকৰ স্বাধীনতা একে নহয়। কোনো মালিকৰ বাবে সাংবাদিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো সহজ নহয়।"[১]
- "মানুহে এতিয়া বৈচিত্ৰ্য, স্বকীয়তাক ভাল পায়; আনৰ পৰা নিজকে পৃথক কৰিবলৈ ভাল পায়, পাৰ্থক্য আনিবলৈ ভাল পায়।"[২]
- "মই বাংলা ভাষাত বহু নতুন শব্দৰ সৃষ্টি কৰিছোঁ; উদাহৰণস্বৰূপে, মই প্ৰথমবাৰৰ বাবে 'পাৰ্থক্যবিচাৰ' শব্দটো ব্যৱহাৰ কৰিছোঁ।"[২]
- "বহু কথা অস্পষ্ট কৰি ৰখাটোৱেই উত্তম।"[২]
- "মোৰ ওপৰত কোনো লেখকৰ প্ৰভাৱ নাই।"[২]
- "মই বেনামীভাৱে কোনো কিতাপ লিখা নাই।"[২]
- "অভিজাত শ্ৰেণীটো ক্ষমতাৰ বাবে অস্থিৰ হোৱাৰ বাবেই দেশ বিভাজন হৈছিল।"[২]
- "ৰবীন্দ্ৰনাথ এক অৰ্থত সত্যদ্ৰষ্টা।"[২]
- "প্ৰতিজন শাসকেই ‘ডিভাইড এণ্ড ৰুল’ কৰে।"[২]