সমললৈ যাওক

মলয়া গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা
মলয়া গোস্বামী

মলয়া গোস্বামী (ইংৰাজী: Moloya Goswami) অসমৰ পৰা চলচ্চিত্ৰ জগতত অভিনয় কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা উত্তৰ পূব ভাৰতৰ সৰ্বপ্ৰথম অভিনেত্ৰী। তেখেতে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত ফিৰিঙতি চলচ্চিত্ৰত অভিনয় কৰি ১৯৯২ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

  • 'মোৰ জীৱন দৰ্শন'- এই শব্দকেইটা শুনাত অলপ কঠিন যেন লাগে যদিও কিছু গভীৰলৈ গৈ যদি চোৱা যায়, তেনেহ'লে অনুধাৱন কৰিব পাৰি যে 'জীৱন দৰ্শন' শব্দটো ইমানেই বিস্তৃত যে ইয়াৰ প্ৰকৃত সংজ্ঞা দিয়াটো বৰ কঠিন আৰু ইয়াৰ কোনো পৰিসীমাও নাথাকে৷[]
  • জীৱন যাপন আমি সকলোৱে কৰি আছোঁ ৷ কিন্তু জীৱনটো উদযাপন খুব কমসংখ্যকেহে কৰে যেন অনুমান হয়৷ []
  • কাইলৈৰ অসমীয়া ছবিজগতৰ লগত বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন জড়িত হৈ আছে৷ আজি প্ৰত্যেকটো প্ৰশ্নই অসমীয়া ছবিজগতৰ বাবে গুৰুত্বপূৰ্ণ৷ পিছে প্ৰশ্ন যিয়েই নহওক,দৰ্শকৰ মাজত সুস্থ ৰুচিবোধৰ জন্ম দি দৰ্শকৰ বাবেই অসমীয়া ছবিজগত জীয়াই থাকিব লাগিব৷ []
  • প্ৰত্যেকৰে মাজত থকা অনুভূতি, আধ্যাত্মিকতা, সৌন্দৰ্যক জগাই তুলি বাস্তৱ জীৱনৰ লগত সেইসমূহক জড়িত কৰি তুলিব পৰাটোৱেই হৈছে মূল কথা৷ []
  • আচৰণসমূহৰ সংশোধনেও সুস্থ সামাজিক জীৱন আৰু নৈতিক আচৰণ গঢ়ি তোলাত সহায় কৰে৷ []
  1. ১.০ ১.১ গোস্বামী, মলয়া (২০২৫)। দাপোণত মোৰ পৃথিৱী। মৰিগাঁও। অজিৎ কুমাৰ ৰায়, পৃষ্ঠা:১৭-১৮। ISBN: ৯৭৮-৯৩-৯২৩০৭-৬৯-০
  2. গোস্বামী, মলয়া (২০২৫)। দাপোণত মোৰ পৃথিৱী। মৰিগাঁও। অজিৎ কুমাৰ ৰায়, পৃষ্ঠা:৩৭১। ISBN: ৯৭৮-৯৩-৯২৩০৭-৬৯-০
  3. ৩.০ ৩.১ গোস্বামী, মলয়া (২০২৫)। দাপোণত মোৰ পৃথিৱী। মৰিগাঁও। অজিৎ কুমাৰ ৰায়, পৃষ্ঠা:৩৭৭। ISBN: ৯৭৮-৯৩-৯২৩০৭-৬৯-০