মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ
অৱয়ব
মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ শিশু সাহিত্যিক মনোৰমা ভূঞাৰ শিশুৰ বাবে ৰচনা কৰা গ্ৰন্থ সমুহৰ একত্ৰ সংকলন। অনুভৱ পৰাশৰে সম্পাদনা কৰা গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰিছিল গুৱাহাটীৰ চিন্তামণি প্ৰকাশনে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ঢেঁকীৰ এটা নিৰ্দিষ্ট জোখ আছে। ৮ ফুট × ৪ ইঞ্চি × ৩ ইঞ্চি জোখৰ ভাল কাঠৰ বাটাম এটা ইয়াৰ বাবে উপযুক্ত। বাটামটোৰ আগপিনে ২ ফুট এৰি এটি ঘূৰণীয়া বিন্ধা কৰা হয় য'ত ঢেঁকীৰ থোৰাটো সুমুৱাই লোৱা হয়।"[১]
- "তাঁত বাতি কৰিবলৈ লোৱা সূতা টান কৰিবলৈ মাৰ দিয়া হয়। চাউল দি সিজোৱা সূতা চেৰেকীত ভৰাই লেটাইৰে নেচা হয়। লেটাইৰ জোখৰ সৰু চেৰেকীত ভৰাই সূতা উঘাত পকাই তাঁত বাতি কৰিবৰ বাবে সাজু কৰা হয়।"[২]
- "বেয়া কাম কৰি পৃথিৱীত নাম ৰখোৱাতকৈ নাম নথকাই ভাল।"[৩]
- "মানুহ সুন্দৰভাৱে জীয়াই থাকিবলৈ চিন্তাধাৰা হ'ব লাগিব সকলো সময়তে অসীম, উদাৰ, আকাশৰ দৰে বিস্তৃত আৰু মানৱ কল্যাণৰ বাবে আগ্ৰহী।"[৪]
- "যিজন ৰজাই প্ৰজাক পুত্ৰবৎ পালন কৰে, দান-পুণ্য, যাগ-যজ্ঞ আদি কৰি সৎভাৱে জীৱন ধাৰণ কৰি সৎ আচৰণ কৰে তেওঁৰ যশ-কীৰ্তি দশোদিশে বিয়পি পৰে তেনেজন ৰজা এই পৃথিৱীত কালৰ কৱলৰ পৰা মুক্ত হ'ব পাৰে।"[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ পৰাশৰ অনুভৱ (২০২৩)। মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ। চিন্তামণি প্ৰকাশন, পৃষ্ঠা:২১।
- ↑ পৰাশৰ অনুভৱ (২০২৩)। মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ। চিন্তামণি প্ৰকাশন, পৃষ্ঠা:২৫।
- ↑ পৰাশৰ অনুভৱ (২০২৩)। মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ। চিন্তামণি প্ৰকাশন, পৃষ্ঠা:৮৪।
- ↑ পৰাশৰ অনুভৱ (২০২৩)। মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ। চিন্তামণি প্ৰকাশন, পৃষ্ঠা:৮৭।
- ↑ পৰাশৰ অনুভৱ (২০২৩)। মনোৰমা ভূঞাৰ শিশু-সাহিত্য সমগ্ৰ। চিন্তামণি প্ৰকাশন, পৃষ্ঠা:১৪৯।