মনোমতী
অৱয়ব
মনোমতী অসমীয়া ভাষাৰ এখন কালজয়ী উপন্যাস। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ এই উপন্যাসখন ১৯০০ চনতেই ছপা হৈ ওলাইছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "নগৰঝাৰ বুলি যি ডোখৰ ঝাৰণি আছে এই ডোখৰ হেনো কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ নগৰ আছিল। তেৱেঁই এইখন নগৰ থাপনা কৰিছিল।"[১]
- "কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল, কিন্তু কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাকি নাছিল।"[২]
- "সকলো অসমীয়া মানুহৰ একোযোৰ টিঙ্গিৰি আৰু তুলা আছিল। দিনত এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিলে অসমীয়া মানুহে জাপি, লাঠি আৰু কটাৰী এই তিনিবিধ বস্তু নোলোৱাকৈ খোজ নেকাঢ়িছিল। ৰাতি হ'লে টিঙ্গিৰি তুলা, কটাৰী, তামোল খোৱা হাঁচতি এখন নোলোৱাকৈ নলৰিছিল।"[৩]
- "তোৰ যদি ঈশ্বৰত ভক্তি থাকে, তেন্তে গৃহস্থালীতে তোৰ ধৰ্ম সিজিব।"[৪]