মধুৰেণ সমাপয়েৎ
অৱয়ব
মধুৰেণ সমাপয়েৎ অচ্যুত কুমাৰ বৰাৰ এখন সামাজিক উপন্যাস। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশনে প্ৰকাশ কৰা উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০১৬ বৰ্ষৰ ডিচেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "সময়ৰ ধুমুহা যেতিয়া বয়, প্ৰয়োজনীয়বোৰ বাকী নৰয়; অপ্ৰয়োজনীয়বোৰ শেষ নহয়। কোনেও নাজানে, সময়ে কাৰ জীৱনক লৈ কেনি বাট বুলে।"[১]
- "সময়ৰ ধুমুহাই মাথো আহত কৰে হৃদয়, পংগু কৰে জীৱন। পৰোঁ পৰোঁ যেন অথচ কোনোকালেই সৰি পৰিব নোখোজা অপৈনত পাতখিলাৰ দৰে প্ৰতিজন মানুহৰে হৃদয়ৰ নিভৃত কোণত ওলমি থাকে সময়ৰ কোবাল ধুমুহাই কোবাই থৈ যোৱা একো একোটা বিধস্ত অতীত।"[২]
- "এনেদৰে আৰু কিমান দিন সংগ্ৰাম চলাই নিবি? আন্দোলন কৰিবি, লাঠি চাৰ্জ সহিবি, জেললৈ যাবি আৰু শেষত মোটা অংকৰ বিনিময়ত নেতাই কম্প্ৰমাইজ কৰিব। মুকলি হৈ আকৌ পথ অৱৰোধ কৰিবি, অসম বন্ধ দিবি, আকৌ জেইল, আকৌ কম্প্ৰমাইজ। উসঃ অসহ্যকৰ।"[৩]
- "প্ৰেমৰ নামত কাৰোবাক হাত বাউলি মতাৰ কোনো প্ৰয়োজনেই নাই। যি আপোনাৰ আদৰ যত্ন ল'ব, যি আপোনাক প্ৰাণভৰি ভালপাব, তেওঁ গঢ়ি পিটিও ল'ব নিজৰ জীৱনৰ পথ, ঠিক আপোনাৰ পথৰ সমান্তৰালকৈ।"[৪]
- "সম্পৰ্কবোৰেই এনেকুৱা
অলপ আপোন; অলপ পৰ
শূন্য যাৰ শেষ উত্তৰ।"[৫]
- "ৰহস্যময় বাবেই জীৱনৰ নেদেখা জৰীত বান্ধ খাই আপোন পাহৰা হয় প্ৰত্যেকেই। দুদিনৰ আপোন, গাৰ কাষৰ মানুহবোৰক নিজৰ বুলি ভুল কৰে সকলোৱে।"[৬]
- "নিজ ঔৰসত জন্ম দি, বৰষুণত তিতি ৰ'দত শুকাই, মূৰৰ ঘাম মাটিত পেলাই মানুহ কৰাৰ সপোন দেখি তুলি তালি ডাঙৰ দীঘল কৰা নিজৰ গাৰ মঙহ এটুকুৰাক আদালতৰ চীল মোহৰ লগা কেইটামান আখৰেৰে মাথোঁ ছিঙি পেলাব পাৰিনে?"[৭]
- "জীৱনটোৱেই এটা নুবুজা সাঁথৰ। জটিল অথবা সৰল যেন লগা সময়বোৰ সাঁথৰটোৰ সমাধানৰ কিছুমান কিটিপ; কিন্তু উত্তৰ নহয়।"[৮]
- "মাজুলী মানে হ'ব পাৰে চকুৰে ধুকি নোপোৱাকৈ কেৱল হালধীয়া আৰু হালধীয়া। মাজুলী মানে হ'ব পাৰে গা-ভাৰী সেউজীয়া পথাৰ এডৰা। মাজুলী মানে হ'ব পাৰে শৰতৰ পূৰ্ণিমাত কৰ্ণ কূহৰত সুমধুৰ আলোড়ন তুলা কোনোবা কলীয়া কানাইৰূপী গৰখীয়া ল'ৰাৰ মধুৰ মুৰুলি। মাজুলী মানে চিফুং আৰু ঢোলৰ সুৰ সমলয়; মৃদং আৰু খোলৰ ঐক্যতান।"[৯]
- "সুখ আছিল, সৰলতা আছিল, নিৰাপত্তা আছিল তেতিয়া; যেতিয়া মানুহ বাঘ সিংহৰ ওচৰতে সুৰক্ষিত নাছিল।"[১০]
- "গছৰ বাকলি বসন এৰি কাপোৰ পিন্ধিবলৈ লোৱাৰে পৰা, হাবিৰ শিলৰ চাৰিবেৰা এৰি ঘৰ বান্ধি থাকিবলৈ লোৱাৰে পৰা আমি বাৰু কাষৰজনৰ দুচকুত কিয় দেখা পোৱা হ'লো ক্ৰোধ আৰু প্ৰতিহিংসাৰ দাবানল? লাজ ঢকাৰ নামত কিয় নিজৰ আচল চেহেৰা ঢাকি জী উঠিব লগা হ'ল জীৱনৰ সৈতে? ঘৰ বান্ধি কিয় ভাঙিব লগা হ'ল সমাজ?"[১১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:৯।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:১০।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:১৭।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:২৫।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:২৫।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:৩১।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:৩৩।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:৮২।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:৯৭।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:১০৭।
- ↑ বৰা, অচ্যুত কুমাৰ (ডিচেম্বৰ, ২০১৬)। মধুৰেণ সমাপয়েৎ। প্ৰিণ্ট ৱৰ্ল্ড প্ৰকাশন, পৃষ্ঠা:১০৭।