সমললৈ যাওক

মদ্ভাগৱত গীতা

ৱিকিউদ্ধৃতিৰ পৰা
  • আত্মা অবিনশ্বৰ। ইয়াৰ বিনাশ নাই। তুমি-মই ভিন্‌; কিন্তু তোমাৰ আত্মা আৰু মোৰ আত্মা ভিন্ নহয়। সকলো জীৱৰে আত্মা, পৰমাত্মাৰ অংশ। শূণ্য পাত্ৰৰ বতাহ যেনে বায়ু মণ্ডলৰ অংশ, তেনেকৈ সকলো জীৱৰে আত্মা অনন্ত পৰমাত্মাৰ অংশ।[]
  • দেহ ধ্বংস হলেই জীৱাত্মাৰ ধংস নহয়। মানুহে যেনেকৈ ফটা কাপোৰ সলাই নতুন কাপোৰ পিন্ধে, তেনেকৈ জীৱে পুৰণা শৰীৰ সলাই নতুন শৰীৰ লয়।[]
  • মৃত্যু জীৱৰ ৰূপান্তৰ মাত্ৰ। ভাল-বেয়া কামৰ পৰিমাণ অনুযায়ী মানুহে সদসদ জীৱন পায়।[]
  • সৰ্ব্বভূতে সমদৃষ্টিয়েই ঈশ্বৰৰ প্ৰকৃত উপাসনা।[]
  • সুখে-দুখে সমভাব, এনে ধীৰ আৰু উদাৰ পুৰুষহে মোক্ষৰ অধিকাৰী।[]
  • যাৰ ইন্দ্ৰিয়বোৰ সংযত আৰু অন্তৰ প্ৰফুল্ল, তেওঁহে পৰমগতি লাভ কৰে।[]
  • চোৱা, বতাহ বলিছে, বেলিয়ে তাপ-পোহৰ দি জীৱক জীয়াই ৰাখিছে, জোনে শীতল কিৰণ বিলাই প্ৰীতি দান কৰিছে, নদ-নদীয়ে পানী বৈ নি প্ৰাণীক তৃপ্তি দিছে; তাকে চাই তুমিও কাম কৰা! কিয়নো সদকৰ্ম্মৰ আচৰণেই ধৰ্ম্ম।[]
  • কাম কৰা; কিন্তু ফললৈ আশা নকৰিবা। কিয়নো কামৰ ফলাফল বিভুৰ হাতত।[]
  • মন স্বভাৱতে চঞ্চল। যি মনক দমাব নোৱাৰে, তাৰ কপালত দুখ আছে। গতিকে অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা মনক দমাবা।[]
  • জ্ঞানৰ দৰে পবিত্ৰ বস্তু আন একো নাই। তুমি অকৰ্ম্ম কৰি পাপত ডুবিলেও জ্ঞানৰূপ ভেলত উঠি পাৰ পাবা।[]
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ কাশী নাথ বৰ্ম্মণ (১৯৪৯)। “শ্ৰীকৃষ্ণৰ বাল্য জীৱনৰ চমু আভাস”, অমৰ-কাহিনী। কাশী নাথ বৰ্ম্মণ।