মদ্ভাগৱত গীতা
অৱয়ব
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আত্মা অবিনশ্বৰ। ইয়াৰ বিনাশ নাই। তুমি-মই ভিন্; কিন্তু তোমাৰ আত্মা আৰু মোৰ আত্মা ভিন্ নহয়। সকলো জীৱৰে আত্মা, পৰমাত্মাৰ অংশ। শূণ্য পাত্ৰৰ বতাহ যেনে বায়ু মণ্ডলৰ অংশ, তেনেকৈ সকলো জীৱৰে আত্মা অনন্ত পৰমাত্মাৰ অংশ।[১]
- দেহ ধ্বংস হলেই জীৱাত্মাৰ ধংস নহয়। মানুহে যেনেকৈ ফটা কাপোৰ সলাই নতুন কাপোৰ পিন্ধে, তেনেকৈ জীৱে পুৰণা শৰীৰ সলাই নতুন শৰীৰ লয়।[১]
- মৃত্যু জীৱৰ ৰূপান্তৰ মাত্ৰ। ভাল-বেয়া কামৰ পৰিমাণ অনুযায়ী মানুহে সদসদ জীৱন পায়।[১]
- সৰ্ব্বভূতে সমদৃষ্টিয়েই ঈশ্বৰৰ প্ৰকৃত উপাসনা।[১]
- সুখে-দুখে সমভাব, এনে ধীৰ আৰু উদাৰ পুৰুষহে মোক্ষৰ অধিকাৰী।[১]
- যাৰ ইন্দ্ৰিয়বোৰ সংযত আৰু অন্তৰ প্ৰফুল্ল, তেওঁহে পৰমগতি লাভ কৰে।[১]
- চোৱা, বতাহ বলিছে, বেলিয়ে তাপ-পোহৰ দি জীৱক জীয়াই ৰাখিছে, জোনে শীতল কিৰণ বিলাই প্ৰীতি দান কৰিছে, নদ-নদীয়ে পানী বৈ নি প্ৰাণীক তৃপ্তি দিছে; তাকে চাই তুমিও কাম কৰা! কিয়নো সদকৰ্ম্মৰ আচৰণেই ধৰ্ম্ম।[১]
- কাম কৰা; কিন্তু ফললৈ আশা নকৰিবা। কিয়নো কামৰ ফলাফল বিভুৰ হাতত।[১]
- মন স্বভাৱতে চঞ্চল। যি মনক দমাব নোৱাৰে, তাৰ কপালত দুখ আছে। গতিকে অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা মনক দমাবা।[১]
- জ্ঞানৰ দৰে পবিত্ৰ বস্তু আন একো নাই। তুমি অকৰ্ম্ম কৰি পাপত ডুবিলেও জ্ঞানৰূপ ভেলত উঠি পাৰ পাবা।[১]