মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ
অৱয়ব
মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক কবি বিজয় শংকৰ বৰ্মনৰ কাব্য সংকলন। অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰা সংকলনখনৰ প্ৰথম প্ৰকাশ ২০২০ চনৰ ডিচেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "তেজ আৰু ঘামবোৰক
ৰং আৰু পানী বুলি মানি লোৱা চিত্ৰকৰ
ক'ব নোৱাৰাকৈ বুৰে
নিজৰ আবুৰত।"[১] - টকৌপাতে বিচি থকা ৰাতিৰ জোনটো দেখিছোঁ
জোনাকী পৰুৱাও দেখিছোঁ
জোনাক দেখা নাই[২] - মৰাৰ পাছতো নিলিখা সেই কবিতাই এঙাৰ খুচৰি মোক বিচাৰি ফুৰিব[৩]
- মোৰ পৃথিৱীখন ভূগোলত নাই। মোৰ পৃথিৱীখন আখৰতো নাই।[৪]
- মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ
তপত হৈ অহা বতাহজাকৰ কপালত হাত থৈ উমান লৈছোঁ[৫] - অ' কবিতা নিলিখা মানুহ
আনে দেখাকৈ
কবিতাৰ ক-টোও শুনিব নিবিচৰা মানুহ
তোমাৰ ভিতৰৰ কবিজনৰ পৰা তুমি
কেনেকৈ পলাই ফুৰিবা[৬] - বিছাই কুটি ফুটা কৰা কুঁহিপাতৰ মাজেদি সৰকি আহিছে ৰ'দ[৭]
- উভতি বোৱা চকুলোত আঙুলি তিয়াই
চিঞৰি উঠা গানবোৰ
জ্বলি থকা বুকুৰ হাড়ত হাত সেকি
ভিজি উঠা মানুহবোৰে
দলং এখন সাজিছে[৮]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:২১।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:১২।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:২৯।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:৪০।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:৪৭।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:৫৮।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:৭৩।
- ↑ বৰ্মন, বিজয় শংকৰ (২০২০)। মই মাটিৰ নাভিত কাণ থৈ শুনিছোঁ। অসম পাব্লিছিং কোম্পানী, পৃষ্ঠা:৯২।