সমললৈ যাওক

ভাৰত ৰত্ন ভূপেন হাজৰিকা

ৱিকিউদ্ধৃতিৰ পৰা

ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ সুধাকণ্ঠৰ জন্ম-শতবাৰ্ষিকী উপলক্ষত তেখেতৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচিত এখন গ্ৰন্থ। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ এই গ্ৰন্থখন প্ৰথম প্ৰকাশ ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰত। অসম চৰকাৰে জন্ম-শতবাৰ্ষিকীত ভূপেন হাজৰিকাক স্মৰণ কৰাৰ বাবে লোৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ এক অংশ হিচাপে প্ৰকাশিত গ্ৰন্থখনৰ প্ৰকাশক অসম প্ৰকাশন পৰিষদ

  1. "সেয়া আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। কটন কলেজিয়েট স্কুলৰ এখন সভাত পাঁচ বছৰ বয়সৰ ভূপেন হাজৰিকাই গাইছিল এটি অনন্য সুন্দৰ গীত-কি স'তে হিয়াৰে আজি কওঁ তুমি যোৱাগৈ, কৰ্তব্যই মাতিছে যদি যোৱা তুমি যোৱাগৈ।"[]
  2. "দেউতাক আৰু আত্মীয়-স্বজন অধিকসংখ্যক উচ্চশিক্ষিত, সেইবাবে ভূপেন হাজৰিকাৰো আত্মসন্মান, স্বাভিমান, জেদ কিছু বেছি আছিল।"[]
  3. "গীটাৰখন এক সামাজিক আহিলা।"[]
  4. "ড' ভূপেন হাজৰিকাৰ জীৱনত অনেক সংগ্ৰাম আছিল। কিন্তু তেওঁ আছিল কৰ্মোদ্যমী, প্ৰাণৱন্ত, অপৰাজেয়।"[]
  5. "এইদৰে অবিৰাম ল'ৱৰি ফুৰোঁতে কেতিয়াবা কেতিয়াবা দুদিনমান ক'ৰবাত জিৰণি ল'বলৈ মন যায়। কিয়নো- 'ময়ো তেজ-মঙহৰ মানুহ- যন্ত্ৰ নহওঁ।"[]
  6. "প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস কলকাতাত এখন জৰুৰী মিটিঙৰ পৰা আহি আছিল। হঠাতে কোনো কাৰণ নোহোৱাকৈ ৰাস্তাৰ চলাচল কৰা সকলো বাহন ৰৈ যোৱাৰ বাবে আচৰিত হৈছিল। ড্ৰাইভাৰ গাড়ীৰ পৰা ওলাই গৈ আৰক্ষীক সোধোঁতে গম পাইছিল যে আৰক্ষীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা ড' ভূপেন হাজৰিকাৰ মৃত্যুৰ বাতৰি আহিছে, সেয়ে এক মিনিটৰ বাবে কলকাতাৰ পথসমূহৰ সকলো বাহন য'তে আছে য'তে ৰৈ দিয়াৰ নিৰ্দেশ দিয়া হৈছে।[]
  1. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৩০।
  2. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৩৯।
  3. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৬০।
  4. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৭৩।
  5. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১০৯।
  6. শৰ্মা পূজাৰী অনুৰাধা (২০২৫)। ভাৰত ৰত্ন ভূপেন হাজৰিকা। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১২৮।