ভালপোৱাৰ ৪০ সূত্ৰ
অৱয়ব
ভালপোৱাৰ ৪০ সূত্ৰ কবি কৌশিক কিশলয়ৰ অনুবাদ গ্ৰন্থ। মূল লেখক শামস আল তাবৰিজি (১১৮৫-১২৪৮)ৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰথম প্ৰকাশ কৰিছিল ২০২৫ বৰ্ষৰ মাৰ্চত পূৰ্বায়ণ প্ৰকাশনে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সূত্ৰ ১
"স্ৰষ্টাক আমি যেনেকৈ চাওঁ তেনেকৈয়ে নিজৰ মাজত প্ৰত্যক্ষভাবে প্ৰতিফলিত হোৱা দেখা পাওঁ। স্ৰষ্টাই যদি আমাৰ মাজত অধিকাংশই ভয় আৰু দোষাৰোপ সৃষ্টি কৰে, তেন্তে বুজিব লাগিব অনেক ভয় আৰু দোষেৰে আমাৰ অন্তৰ ভৰি আছে। যদি আমি স্ৰষ্টাক ভালপোৱা আৰু দয়াৰে পৰিপূৰ্ণ দেখোঁ, তেন্তে বুজিব লাগিব আমিও তেনেকুৱাই।"[১] - সূত্ৰ ১১
"ভালপোৱাৰ অনুসন্ধানে ভোগীক সলনি কৰে। সেইসকলৰ মাজত তেনে কোনো অনুসন্ধানকাৰী নাই, যি ভালপোৱাৰ অনুসন্ধান কৰিছে আৰু বিকশিত হোৱা নাই। তুমি ভালপোৱা বিচাৰিবলৈ আৰম্ভ কৰা মুহূৰ্তৰ পৰাই ভিতৰে-বাহিৰে সলনি হ'বলৈ আৰম্ভ কৰিবা।"[২] - সূত্ৰ ২২
"জীৱন এক সাময়িক ঋণ আৰু এই পৃথিৱীখন বাস্তৱতাৰ এক ভুল অনুকৰণৰ বাহিৰে আন একো নহয়। কেৱল শিশুসকলেহে পুতলা এটাক প্ৰকৃত বস্তু বুলি ভুল কৰে। তথাপি মানুহে হয়তো পুতলাটোৰ মোহত পৰে অথবা অসম্মানজনকভাবে এইটো ভাঙে আৰু তাক এফালে পেলাই দিয়ে। এই জীৱনত সকলো ধৰণৰ চৰম পন্থাৰ পৰা দূৰত থাকা, কিয়নো সেইবোৰে তোমাৰ অন্তৰৰ ভাৰসাম্য ধ্বংস কৰিব। অতীন্দ্ৰিয়বাদীসকল। চৰম পৰ্যায়লৈ নাযাবা। এজন অতীন্দ্ৰিয়বাদী সদায় মৃদু আৰু মিত হৈ থাকে।"[৩]