সমললৈ যাওক

বৰপেটা সত্ৰ

ৱিকিউদ্ধৃতিৰ পৰা
বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ চোতালত ফাকুৱাৰ গোঁসাই ফুৰোৱা দৃশ্য

বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ।[] শ্ৰীশ্ৰীমাধৱদেৱ গুৰুৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল।[] তেওঁ শ্ৰীমথুৰাদাস বুঢ়া আতাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। বুঢ়া আতায়েই সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল।[]

সত্ৰৰ ভিতৰভাগত শৰণ লোৱাৰ দৃশ্য
ফাকুৱাৰ সময়ত আলোকসজ্জিত বৰপেটা সত্ৰৰ দালান
  1. দুফালে চৌধ্য শাৰীকৈ খুঁটাৰে মূল নামঘৰটোৰ দীঘ এশ ফুট। উত্তৰ প্ৰৱেশ দ্বাৰৰ সোঁহাতে আছে হনুমান আৰু বাঁওফালে আছে গৰুড় পক্ষীৰ একোটাকৈ মূৰ্তি উজ্জ্বল ৰঙেৰে বোলোৱা কাঠৰ চৌকাঠত থাপি থোৱা আছে। নাম-প্ৰসংগকাৰীয়ে এইবোৰত পূজা নকৰে। মাজৰ মুকলি ঠাইখিনিত দুশাৰী লোৰ গছা আছে। তাৰ প্ৰত্যেকতে সন্ধিয়াৰ উপাসনাৰ বাবে কেবাশ চাকি জ্বলাই দিছিল। বহুতো বগা কাপোৰ পিন্ধি থকা লোকৰ গাত পৰি সেই বন্তিৰ পিৰামিডৰ পোহৰ বিৰাট নামঘৰটোত বিয়পি পৰিছিল আৰু তাৰ ফলত এখ মনোমুগ্ধকৰ দৃশ্যৰ সৃষ্টি হৈছিল। (এডোৱাৰ্ড গেইট)[]
  2. বৰপেটা ধাম-অসমীয়াৰ পূণ্যভূমি। -মাধৱদেৱ মহাপুৰুষ জ্বলোৱা অক্ষয় বন্তিৰ পোহৰত উজ্জ্বল।(বিষ্ণুপ্ৰসাদ ৰাভা)[]
  3. বৰপেটা কীৰ্তন ঘৰৰ নিৰ্মাণ শৈলী অসমীয়া গৃহ নিৰ্মাণৰ এক মনোৰম অভিলেখ। (ড° মহেশ্বৰ নেওগ)[]
বৰপেটা সত্ৰৰ কীৰ্তনঘৰ
  1. আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখনি পৱিত্ৰ ঠাই। ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্ৰ আছে। এই সত্ৰ মহাপুৰুষ মাধৱদেৱে থাপনা কৰে। ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক। ইয়াৰ কীৰ্তনঘৰটোৰ নিচিনা ডাঙৰ কীৰ্তনঘৰ অসমৰ আন কোনো ঠাইতে নাই। কীৰ্তনঘৰটোৰ ওপৰখন টিনৰ, বেৰবিলাক ইটাৰ। তিনিওফালে তিনিখন কাঁথি। ঘৰটো ইমান ডাঙৰ আৰু দীঘল যে দেখিলেই মানুহৰ মন স্তম্ভিত হয় আৰু ভাবুকৰ মনত ভাবৰ যে সঞ্চাৰ হয় তাক নিজে দেখা ভাবুক এজনেহে বুজিব পাৰে। (ৰজনীকান্ত বৰদলৈ)[]
  2. বৰপেটা অসমৰ প্ৰধান ধৰ্মীয় নগৰ। বৰপেটাক মথুৰাদাস আতা “মথুৰা নগৰ’’ আখ্যাও দিয়া হয়।(অতুল চন্দ্ৰ হাজৰিকা)[]
  3. অসমৰ বৈষ্ণৱসকলৰ ঠায়ৰ ঠায়ে এনে নামঘৰ আছে, কিন্তু বৰপেটা সত্ৰৰ কীৰ্তনঘৰটো সবাতোকৈ শুৱনি। (অনিল ৰায়চৌধুৰী)[]
  4. অসমৰ কাশীপুৰী
    দ্বাৰকা মথুৰাপুৰী
    অসমৰ বৰপেটা ধাম।
    চাই যোৱা বাটৰুৱা
    পৰাণ জুৰাই যোৱা
    শুনি যোৱা হৰি গুণ নাম। (শৈলধৰ ৰাজখোৱা)[]
  5. মুকুটৰ মণি কৰি কলীয়া ঠাকুৰ
    মুনি-মৌন হৈ থাক গম গম কীৰ্তনঘৰ।
    অজ্ঞানতাৰ ভয়ৰ পাৰত
    ৰহস্যৰ কুঁৱলী আঁৰত
    কেন্দ্ৰবিন্দু হৈ থাক।
    এইখন সমাজৰ জীৱন-বৃত্তৰ
    গম গম কীৰ্তনঘৰ। (কেশৱ মহন্তৰ “বৰপেটা এনেকৈয়ে থাক’’ শীৰ্ষক কবিতাৰ অংশ।)[]
  6. The Mahapurushias all over Assam regard Barpeta as their Headquarters. (ই এ গেইট)[]
  1. Tourism. প্ৰকাশক: Barpeta.gov.in. আহৰণ কৰা হৈছে: 2013-06-15.
  2. Barpeta Satra (Xatra), Barpeta Kirtan Ghar - Barpeta, Assam, Religious and Cultural Centre. প্ৰকাশক: Onlinesivasagar.com. আহৰণ কৰা হৈছে: 2013-06-15.
  3. A Glimes of the Religious Complex 'The Barpeta Satra, Assam'. প্ৰকাশক: Amulya Bhuyan.
  4. ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ দাস, শুভজ্যোতি (২০২৪)। বৰপেটা সত্ৰৰ ৰূপৰেখা। ৰেখা প্ৰকাশন, পৃষ্ঠা:১৯,২০। ISBN: 978-81-977981-1-5
  5. দাস, অমিয় কুমাৰ (২০২৪)। বৰপেটা সত্ৰৰ ৰূপৰেখা। ৰেখা প্ৰকাশন, পৃষ্ঠা:৩৬। ISBN: 978-81-977981-1-5
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: