বেদনাৰ উল্কা (গ্ৰন্থ)
অৱয়ব
বেদনাৰ উল্কা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা পুথি।৪৬ টা কবিতাৰ সংকলনেৰে পুথিখন ১৯৬৪ চনত প্ৰকাশ পাইছিল। এই কবিতাপুথিখনৰ বাবে তেওঁ মৰণোত্তৰভাৱে সাহিত্য অকাডেমী বঁটা লাভ কৰে৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- দেশও জ্বলিব, জাতিও জ্বলিব
চিন-ছাব-নাম সকলো জ্বলিব-
ময়ো জ্বলি যাম ভস্ম হ'ই-
কি কৱিতা লিখোঁ মই?
সান্তনা লওঁ কাক কি ক'ই?[১] - নেতাৰ বেদীত দলীয় দাপৰ
উন্মাদনাত ধৰিছে ফাপৰ,-
পাছ-দুৱাৰেদি ভোটৰ হাটত দেশৰ বিক্ৰীৰ খলকনি,
আগ-চোতালত কোৱাৰি বিদৰা আইডোল'জীৰ কাকধ্বনি,-
তেলপেৰা দৰে প্ৰগতি-পেৰাত পেৰপেৰকৈ আছে ওলাই
বাট-ঘাট-হাট পদূলি-পথাৰ ভৰাই কেৱল ঠেঙা-হাৱাই,[২] - আত্মবোধৰ অভাৱতেই
আত্মহত্যা ঘটে দোষ,
নিৰ্জ্জীৱতাত নিঃচিহ্ন হয়
সমূলঞ্চে জীৱন-কোষ।[৩] - জীৱন শিপোৱা দেশৰ মাটিত
খোপ নেৰেবি জিয়ৰী পো-
মেৰু পোণাই বুকু ফিন্দাই
জীয়াৰ যুঁজত জয়ী হ'-
দেশৰ মাটিত জীৱন-কেন্দ্ৰ
খোপ এৰিলে নাপাবি ঠাই
আত্মৰক্ষা কৰি জী থাক
জীৱনৰ জয়-মালিতা গাই।[৪] - তিলতিলকৈ মৰি গ'ইও
মাটি-ভেটি উছন হ'ইও
তত্ নচপা এলেহুৱা ইমান আছে ক'ত ?
নিজক নিজে খোৱা শাসন-বিধান চলে য'ত-
তাৰে কথা ক'বিহুকাই ! তাৰে কথা ক'-
ঢোলত কোবাই,পেপাত ফুকাই,তাৰে কথা ক'-[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বেদনাৰ উল্কা, পৃষ্ঠা. ২.
- ↑ বেদনাৰ উল্কা, পৃষ্ঠা. ১৩.
- ↑ বেদনাৰ উল্কা, পৃষ্ঠা. ২৮.
- ↑ বেদনাৰ উল্কা, পৃষ্ঠা. ৩৯.
- ↑ বেদনাৰ উল্কা, পৃষ্ঠা. ৬৯.