বিমলা প্ৰসাদ চলিহা
অৱয়ব
বিমলা প্ৰসাদ চলিহা জন্ম:১৯১২ – মৃত্যু: ১৯৭১) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৭১ চনত তেওঁক পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁৰ জন্ম শিৱসাগৰ জিলাত আৰু পিতৃ-মাতৃৰ নাম আছিল কালিপ্ৰসাদ চলিহা আৰু নিকুঞ্জলতা। পিতৃ শিৱসাগৰ কাছাৰীৰ এজন প্ৰখ্যাত উকীল আছিল। বিমলা প্ৰসাদ চলিহাই সৰুকালৰ শিক্ষা শিৱসাগৰ চৰকাৰী ইংৰাজী উচ্চ বিদ্যালয়ৰ পৰা লাভ কৰিছিল। ১৯২৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত কলিকতাৰ চিটী কলেজত আই. এছ. ছি.ত নামভৰ্তি কৰিছিল। কিন্তু পৰীক্ষা নিদিয়াকৈ ঘৰলৈ উভতি আহে আৰু কংগ্ৰেছত যোগদান কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীৰ শ্ৰেষ্ঠ মনীষীসকলে হিংসা বিদ্বেষৰ ভাৱ পৰিত্যাগ কৰি মানুহক এক শ্ৰেষ্ঠত্বৰ স্থানলৈ তুলিবৰ বাবে অহিংসা আৰু শান্তিৰ নীতি প্ৰয়োগ কৰি পৃথিৱীৰ বৃহৎ সমস্যাসমূহ সমাধানৰ বাবে অগ্ৰসৰ হৈছে। মহাত্মা গান্ধীৰ সমগ্ৰ জীৱনৰ সাধনাৰ তাৎপৰ্যও ইয়াতেই নিহিত হৈ আছে।[১]
- হিংসাত উন্মত্ত এই সমাজত অহিংসা আৰু শান্তিৰ পথ মুকলি কৰাটো এটা অতি কষ্টকৰ অধ্যায়। অহিংসা আৰু শান্তিৰ বাবে কৰা কোনো সংগ্ৰামেই আজিলৈকে প্ৰকৃত অৰ্থত ব্যৰ্থ হোৱা নাই। যীশুখ্ৰীষ্টক হত্যা কৰাৰ পিছতহে তেওঁৰ আদৰ্শ আৰু বাণী পৃথিৱীত বিয়পি পৰিছিল।[১]
- অতি পৰিতাপৰ কথা যে পাকিস্তান চৰকাৰে এই দেশৰ সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে আমাৰ প্ৰকৃত অনুভূতি আৰু প্ৰচেষ্টাক কেতিয়াও শলাগ লোৱা নাই। ভাৰতৰ সংখ্যালঘুৰ ওপৰত তেওঁলোকে যি পিতৃত্বৰ ভূমিকা ল’ব বিচাৰে সেয়া কেৱল অহংকাৰী নহয়, ই অত্যন্ত হাস্যকৰ। ইয়াৰ বিপৰীতে সংখ্যালঘুসকলক নিজৰ দেশৰ পৰা চেপি উলিয়াই অনাৰ ক্ষেত্ৰত পাকিস্তানৰ লগত কি বিবেচনাৰ ওজন হৈ আহিছে? পূৰ্বতে পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা বৃহৎ সংখ্যক শৰণাৰ্থীৰ বাহিৰেও ১৯৬৪ চনৰ জানুৱাৰীৰ পৰা ১৯৬৫ চনৰ জানুৱাৰী মাহলৈকে পূব পাকিস্তানৰ পৰা বিভিন্ন ধৰ্মীয় গোটৰ অন্তৰ্গত প্ৰায় ১,৮০,০০০ শৰণাৰ্থীৰ আগমন পাকিস্তানত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি যি অত্যাচাৰী ব্যৱহাৰ কৰা হৈছিল তাৰ স্পষ্ট প্ৰমাণ। অসম ৰাজ্যৰ সংখ্যালঘুসকলৰ ক্ষেত্ৰত এতিয়ালৈকে মই সাহসেৰে ক’ব পাৰো যে তেওঁলোক যথেষ্ট সুখী আৰু নিৰাপদ৷ যদিহে পাকিস্তান চৰকাৰে সংখ্যালঘুসকলক ছিকিউৰিটি প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকৰ ভুলবোৰ ইচ্ছাকৃতভাৱে লুকুৱাই ৰাখি ভাৰত চৰকাৰৰ ধৰ্মনিৰপেক্ষ নীতিক ভেঙুচালি কৰাৰ লক্ষ্যৰে দুষ্টামিৰ অপপ্ৰচাৰত লিপ্ত হৈ থাকে তেন্তে তেওঁলোকে দুয়োখন দেশৰ ক্ষতিহে কৰিব। পাকিস্তান চৰকাৰে কাৰণ দেখিলে ভাল আছিল আৰু এনে কু-অভিপ্ৰচাৰৰ পৰা বিৰত থাকিলে ভাল আছিল।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২২।
- ↑ ১৯৬৫ চনৰ ২৭ জুলাইত মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্য, অসম চৰকাৰৰ ‘বিদেশী সম্পৰ্কীয় শ্বেতপত্ৰ’ চাওক, ২০১২।৫৬, পৰিশিষ্ট ৪.অসম চৰকাৰ। বিদেশী বিষয়ৰ ওপৰত শ্বেতপত্ৰ। গৃহ আৰু ৰাজনৈতিক বিভাগ, অক্টোবৰ ২০১২. ননী গোপাল মহন্ত - এন আৰ চি আৰু CAA_ অসম আৰু ইতিহাসৰ ৰাজনীতি (২০২১, SAGE প্ৰকাশন ভাৰত)ক লৈ নাগৰিকত্ব বিতৰ্ক (২০২১, SAGE Publications India)ত উদ্ধৃত