সমললৈ যাওক

বিপন্ন সময় (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

বিপন্ন সময়,হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত এখনি উল্লেখযোগ্য উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হৈছে ইতিহাস-সচেতনতা আৰু ইতিহাস বিশ্লেষণ। উল্লেখযোগ্য যে,বিপন্ন সময়,উপন্যাসখনৰ বাবে ঔপন্যাসিক মেদিনী চৌধুৰীয়ে ১৯৯৯ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[]

  1. অসম তেতিয়াও ইংলণ্ডৰ চৰকাৰে শাসন কৰা নাছিল। সেই চৰকাৰৰ এজেন্ট হিচাপে বৃটিছ ইষ্ট ইন্ডিয়া কোম্পানীৰ অধীনস্থ বিষয়াইহে শাসন কৰিছিল। কোম্পানীৰ শাসন সেই সময়ত স্থিৰ নিগাজী হৈ পৰিছে। আহোম স্বৰ্গদেউ আৰু তেওঁৰ ডা-ডাঙৰীয়াসকল ইতিমধ্যে প্ৰশাসনীয় দৃশ্যপটৰ পৰা আঁতৰি গৈছে।
  2. গুৱাহাটীৰ এই পকী গীৰ্জা ঘৰটোৰ সম্মুখৰ পিনৰ টুপ এটা ১৮৪৫ চনৰ ভূমিকম্পত ভাঙি পৰিছিল। এই দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰি গুৱাহাটীস্থ এজন ইংৰাজ অভিযন্তাক কোম্পানীৰ চৰকাৰে বৰ্খাস্ত কৰিছিল। এইটো ইমান ডাঙৰ ঘটনা যে গুৱাহাটীত এনে কোনো লোক নাই যিয়ে এই ঘটনাৰ বিষয়ে শুনা নাছিল।
  3. এটা বংশ-জাতি নিৰপেক্ষ পৰিচয় দি এটাইকে এক কৰাৰ পিনে আগবাঢ়িছে।
  4. মদ খায়, যাৰে তাৰে হাতে খায় সিহঁতে কিন্তু সিহঁত যুক্তিবাদী। পৰম্পৰাগত বুলিয়েই সকলো কথাকে নিৰ্বিবাদে নতশিৰে মানি ল'ব - এনে ধৰণৰ মানসিক দুৰ্বলতা সিহঁতৰ নাই। কথা-বতৰা জানে, নতুন খবৰ ৰাখে, দেশখনৰ নতুন ভাল কিবা এটা কৰাৰ বাবে সততে উন্মুখ সিহঁত।
  5. বিধি-ব্যৱস্থা, মানুহৰ মন যে সলনি হৈছে তেৱোঁ জানে। কিন্তু চীফ কমিশ্যনাৰ অহাৰ পিছৰে পৰা গুৱাহাটীৰ যে গুৰুত্ব কমি যায় এই কথা তেওঁ সপোনতো ভবা নাছিল।
  6. তোমালোকে জানাই চাগেই মই যে লুইতৰ বুকুত জন্মিছিলোঁ। সেইবাবে লুইতৰ বুকুতে মোৰ মৰিবৰ মন যায়। সম্বলপুৰততো লুইত নাই। সেইবাবেই বোধকৰো ভগৱানে মোক ইয়ালৈকে লৈ আনিছে।
  1. চৌধুৰী, মেদিনী।বিপন্ন সময়।পৃষ্ঠা-০১,২৮,১০২,১২৪,২২৯