সমললৈ যাওক

বালিময় তটভূমি সফেন সমুদ্ৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

বালিময় তটভূমি সফেন সমুদ্ৰ (ইংৰাজী: Balimay Tatabhumi Saphen Samudra) ৰমানন্দন বৰা অনূদিত মধ্য প্ৰাচ্যৰ কবি খলিল জিব্ৰানৰ Sand and Foam-ৰ অসমীয়া ভাষান্তৰ৷ ২০০৩ চনৰ নৱেম্বৰত অসমৰ যোৰহাটৰ শব্দ প্ৰকাশৰ পৰা এই কিতাপখন প্ৰথম প্ৰকাশ হয়৷[]

  • "মই কালিলৈকে নিজকে জীৱনৰ বৃত্তত ছন্দহীনভাৱে‍
    কঁপি‍ থকা এটা খণ্ড বুলি ভাবিছিলোঁ৷
    এতিয়া মই জানো যে ময়েই বৃত্ত, আৰু সমগ্ৰ জীৱনে মোৰ ভিতৰত
    ছন্দবদ্ধ খণ্ড ৰূপে ঘূৰে৷"[]
  • "যেতিয়া মোৰ পাত্ৰ শূন্য হয়, মই শূন্যতাত‍ে বিচৰণ কৰোঁ;
    কিন্ত যেতিয়া ই আধা পূৰ্ণ হৈ থাকে, সেই অপূৰ্ণতা মোৰ সহ্য নহয়৷"[]
  • "পাগল মানুহজন তোমাতকৈ বা মোতকৈ হীন সংগীতজ্ঞ নহয়;
    মাথোন তেওঁৰ বাদ্যযন্ত্ৰটো সামান্য বেসুৰা৷"[]
  • "অনুগ্ৰহ কৰি তোমাৰ জন্মগত ত্ৰুটিসমূহ আহৃত গুণৰ চূণকামেৰে নাঢাকিবা৷
    মোৰ কিছুমান ত্ৰুটি আছে৷ সেইবোৰ মোৰ নিজা৷"[]
  • "যদি ওজন আৰু জোখৰ ধাৰণাই নহ'লহেঁতেন আমি জোনাকী পৰুৱাৰ
    ওচৰত শিৰ নত কৰি থাকিলোঁহেতেন যেনেকৈ থাকোঁ সূৰ্যৰ সমুখত৷"[]
  • "ইয়াত মাথোন দুটা বস্তুৱেই আছেঃ সৌন্দৰ্য আৰু সত্য৷
    সৌন্দৰ্য থাকে প্ৰেমিক-প্ৰেমিকাৰ অন্তৰত আৰু
    সত্য থাকে ভূমি চহ কৰা কৃষকজনৰ দুবাহুত৷"[]
  • "কলা হৈছে প্ৰকৃতিৰ পৰা অনন্তকাললৈ এটা খোজ৷"[]
  1. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট -১, অসম।
  2. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:১।
  3. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:১০।
  4. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:২০।
  5. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:৩০।
  6. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:৪০।
  7. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:৫০।
  8. বৰা, ৰমানন্দন (অনুবাদক) (২০০৩)। বালিময় তটভূমি সফেন সমুদ্ৰ। শব্দ প্ৰকাশ, যোৰহাট - ১, অসম, পৃষ্ঠা:৬১।