বাবা ৰামদেৱ
অৱয়ব
বাবা ৰামদেৱ (ইংৰাজী:Baba Ramdev,জন্ম ২৫ ডিচেম্বৰ, ১৯৬৫ চন) ভাৰতৰ এজন জনপ্ৰিয় যোগগুৰু, আধ্যাত্মিক নেতা আৰু উদ্যোগপতি। তেখেতৰ আচল নাম ৰামকৃষ্ণ যাদৱ। সৰুৰে পৰা তেখেতে যোগ, প্ৰাণায়াম আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছিল।তেখেতে পতঞ্জলি আয়ুৰ্বেদ প্ৰতিষ্ঠা কৰি আয়ুৰ্বেদ আৰু যোগক বিশ্বজুৰি প্ৰচাৰ কৰিছে। তেখেতৰ যোগ শিবিৰ আৰু টেলিভিছন কাৰ্যসূচীয়ে লাখ লাখ মানুহক স্বাস্থ্যসচেতন কৰি তুলিছে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “যোগ কেৱল দেহৰ ব্যায়াম নহয়, ই এটা সম্পূৰ্ণ জীৱনশৈলী।”[১]
- “প্ৰাণায়াম হৈছে দেহ আৰু মনৰ শুদ্ধিকৰণৰ শক্তিশালী উপায়।”[২]
- “যোগৰ মাধ্যমেৰে ৰোগমুক্ত জীৱন লাভ কৰাটো সম্ভৱ।” [৩]
- “যোগৰ জৰিয়তে কঠিন ৰোগো নিয়ন্ত্ৰণ কৰিব পাৰি।”[৪]
- “আয়ুৰ্বেদে প্ৰকৃতিৰ সৈতে জীৱন যাপনৰ কৌশল শিকায়।”[৫]