বান
অৱয়ব
বান বা বন্যা হ’ল পানীৰ (বা আন তৰল পদাৰ্থৰ) ওফন্দি উঠা ৰূপ, যিয়ে সাধাৰণতে শুকান মাটি ডুবাই পেলায়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]ঋগবেদ
[সম্পাদনা কৰক | উৎস সম্পাদনা]ডেভিড ফ্ৰ’লি, গডছ, চেজছ এণ্ড কিংছ: বেডিক ছিক্ৰেটছ অৱ এন্সিয়েণ্ট চিভিলাইজেচন, ২০০০ত উদ্ধৃত কৰা অনুসৰি।
- সকলো নদীৰ বৈ যোৱা মহান ধাৰা, ইন্দ্ৰ, তুমি প্ৰাৰ্থনাৰ দ্বাৰা বন্যাক বিশ্ৰাম দিলা আৰু তুৰ্ভিটি আৰু বায়াৰ বাবে নদীবোৰ পাৰ হ'বলৈ সহজ কৰি তুলিলা (IV. 19.6)।
- পৃথিৱীৰ ওপৰেৰে বিস্তৃত বিবলিয়াম নদী, ইন্দ্ৰ, তুমি তোমাৰৰ যাদুকৰী জ্ঞান শক্তিৰ দ্বাৰা স্তব্ধ কৰি দিলা। (IV.30.12)।
- মই আছিলোঁ মানৱ জাতি আৰু সূৰ্যৰ পিতৃ। মই দ্ৰষ্টা কাক্ষীৱন। কুৎস ঋষিক শান্ত কৰিলোঁ। মই দৰ্শক উষান, চোৱা মোক। মই আৰ্যক পৃথিৱী, মোৰ মৰ্ত্যৰ পূজকক বৰষুণ দিলোঁ। মই নেতৃত্ব দিলোঁ গৰ্জনকাৰী বন্যাক। মোৰ নিৰ্দেশনা অনুসৰি দেৱতাসকলে গতি কৰিলে।(IV.26.1-2)
- মহান দৰ্শক, ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত, দৃষ্টিত জ্ঞানী, যেতিয়া বিশ্বমিত্ৰই ৰজা সুদাসৰ সৈতে সহযোগ কৰিলে, বন্যাৰ নৈখন বন্ধ কৰি দিলে।(১১১.৫৪.৯)।
- এই কামত জনগোষ্ঠীসমূহে, তীব্ৰ, শক্তিশালী, বানৰ যুদ্ধত ইজনে সিজনৰ লগত যুঁজি নিজৰ ইচ্ছাক নিৰ্দেশিত কৰে।(IV.24.4)।
- ম’হ হিচাপে মই সাতখন নদী, পৃথিৱীৰ ওপৰত ধন-সম্পত্তি বৈ যোৱা সোঁতক থিয় কৰি ৰাখোঁ। শক্তিশালী ইচ্ছাৰে মই বান পাৰ হৈ যাওঁ, যুদ্ধৰ দ্বাৰা মই মানুহৰ বাবে কল্যাণৰ পথ ৰচনা কৰিলোঁ।(X.49.9)