বাণীকান্ত চয়নিকা
অৱয়ব
বাণীকান্ত চয়নিকা অধ্যাপক সাহিত্যিক বাণীকান্ত কাকতিৰ নিৰ্বাচিত অসমীয়া ৰচনা সংকলন। মহেশ্বৰ নেওগৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ১৯৮১ চনত। প্ৰকাশ কৰিছিল সাহিত্য অকাডেমিএ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "চৈতন্যৰ উদয়ৰ পৰা মৰণলৈকে মানৱ-জীৱন এটা সুদীৰ্ঘ কাৰুণ্যৰ আৱেগ মাথোন; নাইবা গভীৰ নৈৰাশ্যৰ দীৰ্ঘ নিশ্বাস।"[১]
- "মানুহ যেতিয়া সংকুল অৱস্থাত আহি পৰে, তেতিয়া আশা ভৰষা, ভাব, বাসনা, সুখ, দুখৰ স্মৃতি বা কাল্পনিক ভৱিষ্যত, যিবোৰ সূক্ষ্ম প্ৰভাৱ লগ লাগি জীৱন-প্ৰবাহত পৰিণত হয়, অৱস্থাৰ বিপৰ্যয় অনুসাৰে সেই সকলোবোৰ নিশাৰ সপোনৰ দৰে উৰি যায়, তেতিয়া মানুহৰ পক্ষে কেৱল দুটা বাট মুকলি হৈ থাকে। হয় তেওঁ অসহ্য তীব্ৰ যাতনাত মৰি যায়, নহয় সকলো দুখ-শোক হৃদয়ত বান্ধি থৈ প্ৰশান্তভাৱে নতুন কৰ্তব্য-পথত নিমগ্ন হয়।"[২]
- "'নামঘোষা'ই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে।"[৩]
- "ৰচনাৰ মাধুৰ্য আৰু ভাবৰ গাম্ভীৰ্যৰ লগে লগে বৰগীতবোৰৰ লোক-প্ৰিয়তাৰ আন এটি কাৰণ; মাধৱদেৱৰ সুগায়কত্ব। মাধৱদেৱ এফালে যেনে মৰ্মস্পৰ্শী কবি, আনফালে তেনে মনোমুগ্ধকাৰী সুগায়ক আছিল।[৪]