সমললৈ যাওক

বাচেন্দ্ৰী পাল

ৱিকিউদ্ধৃতিৰ পৰা

বাচেন্দ্ৰী পাল(ইংৰাজী: Bachendri Pal:২৪ মে’১৯৫৪ চন) ভাৰতৰ উত্তৰাখণ্ডৰ এগৰাকী প্ৰসিদ্ধ পৰ্বতাৰোহী। ১৯৮৪ চনত তেওঁ মাউন্ট এভাৰেষ্ট জয় কৰি প্ৰথম ভাৰতীয় মহিলা হিচাপে ইতিহাস ৰচনা কৰে। শৈশৱৰ পৰা তেওঁ পাহাৰ আৰু অভিযানৰ প্ৰতি বিশেষ আগ্ৰহী আছিল। তেওঁ Tata Steel Adventure Foundation-ৰ সৈতে যুক্ত হৈ বহু অভিযান আৰু প্ৰশিক্ষণ কাৰ্যসূচী চলাইছে। তেওঁৰ এই সফলতাৰ বাবে তেওঁক বহু সন্মান প্ৰদান কৰা হৈছে, যাৰ ভিতৰত পদ্মশ্ৰী উল্লেখযোগ্য।

  1. “সপোন পূৰণ কৰিবলৈ সাহস আৰু ধৈৰ্য্যৰ প্ৰয়োজন।”[১]
  2. “জীৱনত ডাঙৰ লক্ষ্য ৰাখিলে, সৰু সমস্যাই তোমাক বাধা দিব নোৱাৰে।”[২]
  3. “শিখৰত উপনীত হোৱাৰ আগতে বহু বেয়া অৱস্থা পাৰ কৰিব লাগে।”[৩]
  4. “অকৃতকাৰ্য্যতা মানে শেষ নহয়, ই সফলতাৰ প্ৰথম পদক্ষেপ।”[৪]
  5. “যদি নিজৰ ওপৰত বিশ্বাস ৰাখা, তেন্তে তুমি যিকোনো শিখৰ জয় কৰিব পাৰিবা।”[৫]
  1. ↑ Everest: My Journey to the Top,প্ৰকাশৰ চন: ২০০৪
  2. ↑ Everest: My Journey to the Top,প্ৰকাশৰ চন: ২০০৪
  3. ↑ Everest: My Journey to the Top,প্ৰকাশৰ চন: ২০০৪
  4. ↑ Everest: My Journey to the Top,প্ৰকাশৰ চন: ২০০৪
  5. ↑ Everest: My Journey to the Top,প্ৰকাশৰ চন: ২০০৪