বাঘে টাপুৰ ৰাতি (গ্ৰন্থ)
অৱয়ব
বাঘে টাপুৰ ৰাতি অপূৰ্ব শৰ্মাৰ গল্প সংকলন। গ্ৰন্থখনে ২০০০ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এৰা নহয়নো কি ! টাউনত টাউনীয়া নহৈ গাঁৱলীয়া ভূত হ'লে চলিব নে?মাতষাৰ দিবলৈ আছগৈ কোন মুলুকত?কমখন টকাৰ কথানে?কালি আহিয়েই আজি মোক মাত লগাবলৈ আহিছ,আৰুনো কি লাগিছে?ককাইটিয়েৰৰ মৰমেহে টানিছে তেওঁ।[১]
- সন্ধিৰাম,তোমালোকৰ দৰে পিছপৰা সাধাৰণ গাঁৱলীয়া ৰাইজখিনিৰ সুবিধাৰ বাবেই আমি এই চৰকাৰক গাদীত বহুৱাইছো;তোমালোককে যদি সেইখিনি সুবিধা দিয়াব নোৱাৰোঁ,এই চৰকাৰকো আমি এনেই ৰাজপাট খাবলৈ নিদিম।দুখীয়া জনসাধাৰণৰ স্বাৰ্থ পূৰা আদায় কৰিব পৰালৈকেহে আমি চৰকাৰক সমৰ্থন দি যাম।[২]
- কপালত কাৰো লিখা নাথাকে, নবৌ।...এইবোৰ চব মানুহৰ কাম, মানুহৰ বইজ্জাতি।চবেই জানে,চবেই মনে মনে থাকে।[৩]
- মানুহ একোখন গাঁও। পৃথিৱী সামান্য ঠাইজোৰা একোখন যুদ্ধক্ষেত্ৰ, মানুহ য'ত নিজেই নিজৰ প্ৰতিপক্ষ।[৪]
- বাঘে টাপু স্থায়ীভাৱে বাঘ থকা ঠাই নহয়। কিন্তু কেতিয়াবা দক্ষিণপাৰৰ অভয়াৰণ্যৰ পৰা
ঠাই চাবলৈ অহা বাঘে গধূলি খুঁটিত গৰু-ম'হ ডকা দিবলৈ চেষ্টা কৰে।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ বাঘে টাপুৰ ৰাতি, পৃষ্ঠা. ২৪.
- ↑ বাঘে টাপুৰ ৰাতি, পৃষ্ঠা. ১৪৬.
- ↑ বাঘে টাপুৰ ৰাতি, পৃষ্ঠা. ২৫.
- ↑ বাঘে টাপুৰ ৰাতি, পৃষ্ঠা. ৮৭.
- ↑ বাঘে টাপুৰ ৰাতি, পৃষ্ঠা. ১১৬.