বলাইচাঁদ মুখোপাধ্যায়
অৱয়ব
বলাইচাঁদ মুখোপাধ্যায় (১৯ জুলাই ১৮৯৯ – ৯ ফেব্ৰুৱাৰী ১৯৭৯) এজন বাঙালী ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ বনফুল ছদ্মনামেৰে বেছি পৰিচিত। তেওঁৰ জন্ম অবিভক্ত ভাৰতৰ বিহাৰ ৰাজ্যৰ মণিহাৰীত।[১] তেওঁলোকৰ আদি নিৱাস হৈছে বৰ্তমানৰ পশ্চিমবংগৰ হুগলী জিলাৰ শিয়াখালা গাঁৱত। তেওঁলোকৰ পৰিয়ালটোক "কাঁটাবুনে মুখুজ্জ্যে" নামেৰে জনা গৈছিল।[২] তেওঁ পেছাত চিকিৎসক আছিল।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ব্ৰহ্মাৰ ঘৰৰ পৰা ভাল সৰিয়হৰ তেল আহিল। বিধাতাই লগে লগে নাকত তেল দি গভীৰ টোপনিত পৰিল। এতিয়াও সাৰ পোৱা নাই।[৩]
- নাৰীৰ মন বিচিত্ৰ। তেওঁলোকৰ মনস্তত্ত্বও অদ্ভুত। সেই বিষয়ে ঘপহকৈ মন্তব্য দিয়া উচিত নহয় বুলি ভাবোঁ। আচলতে নাৰীৰ বিষয়ে যিকোনো মন্তব্য কৰাই দুঃসাহসৰ কাম।[৪]
- সাধাৰণতে মানুহৰ মন দুটা ভাগত বিভক্ত। এটা বাহিৰৰ, আনটো ভিতৰৰ। মনৰ বাহিৰৰ ফালটো ভদ্ৰ, সামাজিক, সভ্য। কিন্তু অন্তৰ্নিহিত মনটো সদায় সভ্য আৰু সামাজিক নহয়; ইয়াৰ আচৰণ আৰু চিন্তাধাৰা অদ্ভুত। বাহ্যিক মনৰ ক্ৰিয়া-কলাপ দেখি অন্তৰ্নিহিত মনটোৱে কেতিয়াবা হাঁহে, কেতিয়াবা কান্দে, আৰু খুব কমেইহে সন্মতি দিয়ে। দুয়োটা মাজত হোৱা কাজিয়াও নিত্যনৈমিত্তিক।[৫]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হংসনাৰায়ণ ভট্টাচাৰ্য বিৰচিত বঙ্গসাহিত্যাভিধান, ২য় খণ্ড, ১৯৯০ খ্ৰি.
- ↑ বনফুল ৰচনাবলী (ষোড়শ খন্ড), বলাইচাঁদ মুখোপাধ্যায়, গ্ৰন্থালয় প্ৰাইভেট লিঃ, কলিকাতা, প্ৰথম প্ৰকাশ ১৩৬২ বঙ্গাব্দ, পৃ. ৩
- ↑ বনফুল (বলাইচাঁদ মুখোপাধ্যায়) (তৃতীয় সংস্কৰণ (ষষ্ঠ মুদ্ৰণ))। শ্ৰেষ্ঠ গল্প। বিশ্বসাহিত্য কেন্দ্ৰ, পৃষ্ঠা:২০-২১।
- ↑ বনফুল (বলাইচাঁদ মুখোপাধ্যায়) (তৃতীয় সংস্কৰণ (ষষ্ঠ মুদ্ৰণ))। শ্ৰেষ্ঠ গল্প। বিশ্বসাহিত্য কেন্দ্ৰ, পৃষ্ঠা:২৫-২৭।
- ↑ বনফুল (বলাইচাঁদ মুখোপাধ্যায়) (তৃতীয় সংস্কৰণ (ষষ্ঠ মুদ্ৰণ))। শ্ৰেষ্ঠ গল্প। বিশ্বসাহিত্য কেন্দ্ৰ, পৃষ্ঠা:২৭-২৯।