বনফুল (গ্ৰন্থ)
অৱয়ব
বনফুল যতীন্দ্ৰ নাথ দুৱৰা ৰচিত বনফুল কবিতাপুথিখন সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া গ্ৰন্থ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কোনোৱে দূৰতে চায় কোনোৱেবা চুই যায়
চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল।
সপোন আঁতৰি গলে দিঠকে জনাই দিয়ে
বাটৰ কাষৰ মই বননিৰ ফুল। [১] - মোৰ বাবে তুমি
নুৰুবা মালতী ফুল,
জীৱনত কিয়
মিছাতে বঢ়োৱা ভুল?
ফুলো নুফুলিব
মৰহিব গছ পুলি,
ফুলিলেও চাবা
ঢোপাতে সৰিব কলি। [২] - সোণৰ প্ৰদীপ সুগন্ধি তেলেৰে
ধনীয়ে শৰাই ধৰে;
প্ৰাণৰ চাকিত শলিতা জ্বলাই
অজলাই পূজা কৰে।[৩] - সোণালী কিৰণ সানি,
পুৱাতেই পাখি মেলি,
উৰি গ'ল দুয়োটিয়ে সৰগ ধিয়াই;
আন্ধাৰ নামিল আহি,
লগৰী নাহিল চাপি
কোনে জানে কেনি উৰে বাট হেৰুৱাই। [৪] - মোৰ চিৰ জনমৰ
চিৰ চেনেহৰ
যত অপূৰণ আশা
হয়তো কাৰোবাৰ মধু পৰশত
পাব কেতিয়াবা ভাষা। [৫]