সমললৈ যাওক

বনফুল (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

বনফুল যতীন্দ্ৰ নাথ দুৱৰা ৰচিত বনফুল কবিতাপুথিখন সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া গ্ৰন্থ।

  • কোনোৱে দূৰতে চায় কোনোৱেবা চুই যায়
    চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল।
    সপোন আঁতৰি গলে দিঠকে জনাই দিয়ে
    বাটৰ কাষৰ মই বননিৰ ফুল। []
  • মোৰ বাবে তুমি
    নুৰুবা মালতী ফুল,
    জীৱনত কিয়
    মিছাতে বঢ়োৱা ভুল?
    ফুলো নুফুলিব
    মৰহিব গছ পুলি,
    ফুলিলেও চাবা
    ঢোপাতে সৰিব কলি। []
  • সোণৰ প্ৰদীপ সুগন্ধি তেলেৰে
    ধনীয়ে শৰাই ধৰে;
    প্ৰাণৰ চাকিত শলিতা জ্বলাই
    অজলাই পূজা কৰে।[]
  • সোণালী কিৰণ সানি,
    পুৱাতেই পাখি মেলি,
    উৰি গ'ল দুয়োটিয়ে সৰগ ধিয়াই;
    আন্ধাৰ নামিল আহি,
    লগৰী নাহিল চাপি
    কোনে জানে কেনি উৰে বাট হেৰুৱাই। []
  • মোৰ চিৰ জনমৰ
    চিৰ চেনেহৰ
    যত অপূৰণ আশা
    হয়তো কাৰোবাৰ মধু পৰশত
    পাব কেতিয়াবা ভাষা। []
  1. বনফুল, পৃষ্ঠা. ৮.
  2. বনফুল, পৃষ্ঠা. ৩৬.
  3. বনফুল, পৃষ্ঠা. ৪৮.
  4. বনফুল, পৃষ্ঠা. ৮৭.
  5. বনফুল, পৃষ্ঠা. ১১৭.