বদনামী চহৰত এভূমুকি (গ্ৰন্থ)
অৱয়ব
বদনামী চহৰত এভূমুকি কৌস্তুভমণি শইকীয়াৰ দ্বাৰা ৰচিত কবিতা সংকলন। ১৯৯৫ চনত প্ৰথম প্ৰকাশ হোৱা সংকলনখনৰ প্ৰকাশক লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "দেশপ্ৰেমিকৰ মৰিশালিৰে ভৰি আহিছে দেশ
ফুলবাৰীৰ সপোনবোৰ জঠৰ
মামৈ তামোলৰ দৰে বাওনালগা অভিলাষ
হুমুনিয়া বাতৰিত আৱদ্ধ
ক্ৰমে অচিনাকি হৈ আহিছে স্বাধীনতাৰ সুৱাগ"[১] - "তোমাৰ বুকুৰ দুখ
মোৰ বুকুত উপচি পৰিলেই
মোৰ কবিতা ওলায়"[২] - "জীৱন মোৰ পঢ়াশালি
সংঘাত তাৰ কষ্টকৰ পাঠ
মন্ত্ৰণাৰ জুইত বহি
সেকি থাকোঁ অকাতৰে
অনিষ্ট সময়"[৩] - "চাৰিওজন চাৰিদিশৰ প্ৰতিনিধি
ধৰি লোৱা হ'ল আমাৰ নাম
ধৰ্ম অৰ্থ কাম মোক্ষ
কোনো কাৰো বহতীয়া নহয়, স্বতন্ত্ৰ"[৪] - "বিলাসী প্ৰতিযোগিতাৰ যুঁজত চহৰৰ প্ৰতিজন নাগৰিকেই ব্যস্ত
আত্মকেন্দ্ৰিকতাৰ ছাউনিত প্ৰত্যেকেই একোজন মহাৰথী"[৫]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ শইকীয়া, কৌস্তুভমণি (১৯৯৫)। বদনামী চহৰত এভূমুকি। লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম, পৃষ্ঠা:৯।
- ↑ শইকীয়া, কৌস্তুভমণি (১৯৯৫)। বদনামী চহৰত এভূমুকি। লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম, পৃষ্ঠা:১৯।
- ↑ শইকীয়া, কৌস্তুভমণি (১৯৯৫)। বদনামী চহৰত এভূমুকি। লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম, পৃষ্ঠা:৩৪।
- ↑ শইকীয়া, কৌস্তুভমণি (১৯৯৫)। বদনামী চহৰত এভূমুকি। লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম, পৃষ্ঠা:৪৫।
- ↑ শইকীয়া, কৌস্তুভমণি (১৯৯৫)। বদনামী চহৰত এভূমুকি। লোকায়ত প্ৰকাশন, গুৱাহাটী - ৬, অসম, পৃষ্ঠা:৫৫।