বকুলবনৰ কবিতা
অৱয়ব
বকুল বনৰ কবিতা,আনন্দ চন্দ্ৰ বৰুৱাৰ দ্বাৰা লিখিত কাব্যপুথি।আনন্দ চন্দ্ৰ বৰুৱাই একাধাৰে কবিতা, নাটক, অনুবাদ সাহিত্য, উপন্যাস আদি ক্ষেত্ৰত অৱদান আগবঢ়ায়।১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচিত হৈছিল।১৯৭৩ চনত আনন্দ চন্দ্ৰ বৰুৱাই “পদ্মশ্ৰী” উপাধি লাভ কৰে।১৯৭৭ চনত “বকুল বনৰ কবিতাৰ বাবে” সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৩ চনৰ ২৭ জানুৱাৰীত আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ মৃত্যু হয়।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীৰ প্ৰেমে মোক দেৱলীয়া কৰিলে
পোন প্ৰথম যিদিনা পৃথিৱীক ভাল পালোঁ
সেইদিনা জীৱনৰ বহাগ-জেঠ;
তয়াময়া ৰ'দ -
সেউজীয়া ঘন
গছ লতা বন,
উৰণীয়া মন। - পৃথিৱী সহনশীলা
কিন্তু বিকাৰ ভৰা।
পৃথিৱীৰ বুকুৰ ওপৰেদিয়েই
বতাহ, ধুমুহা, শিলাবৃষ্টি,
ৰ'দ, বৰষুণ পাৰ হৈ যায়-
পৃথিৱীৰ বুকুৰ ভিতৰেদিয়েই
বিদ্যুৎ বেগেৰে যোৱা
ভূমিকম্পবোৰে
আঁকি যায় প্ৰলয়ৰ
শক্তিৰেখাবোৰ। - ইমান সুন্দৰ ৰূপটি তোমাৰ
ইমান সুন্দৰ প্ৰাণ-
বিষধৰ সাপে বলয় পিন্ধাই
সুন্দৰ বুলি ধৰিছে মেৰাই, শুনিছে
তোমাৰ গান। - বাল্মীকি কবি
তাতে যেন বহি
মনে মনে আঁকি আছে
জানকীৰ ছবি! - নকবাঁ দুনাই - মানুহেই শ্ৰেষ্ঠ জীৱ
মানুহেই সত্য শিৱ।
ইতৰৰো প্ৰাণ আছে, আছে বুদ্ধি- জ্ঞান;
সিহঁতৰ ধৰা- বন্ধা,
মানুহৰ পাৰ ভঙা, একেই বিজ্ঞান?
- একে সুৰ, দুটি গান! - তেওঁ কবি-ছবি আঁকে ছবি চাই;
আখৰত আখৰ মিলাই।
তুমি কবি-বহি থাকাঁ সহি সহি
আখৰত বাখৰ পিন্ধাই! - এইদৰে প্ৰকৃতিৰ বুকুত সোমাই
ভ্ৰমিলোঁ আপোন মনে অনাই-বনাই।
পুৱাৰ শীতল বেশ নিমজ-চিকুণ
কেউপিনে সেউজীয়া চানেকি নতুন! - প্ৰাণভৰি চাওঁ বুলি
আবেগত সুৰ তুলি বজাওঁ
জীৱন-বীণা
মনোৰমা মানসীৰ প্ৰতিমা ধিয়াই
দেখোঁ মোৰ প্ৰিয়তমা
ৰূপে গুণে অনুপমা।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আনন্দ চন্দ্ৰ বৰুৱা ৰচনাৱলী,পৃষ্ঠা-২৭,২৮,৩০,৩৫,৪৫,৬৭,৬৯,১০৪