ফৰিংবোৰে বাটৰ কথা জানে (কবিতা সংকলন)
অৱয়ব
ফৰিংবোৰে বাটৰ কথা জানে সমীৰ তাঁতী ৰ দ্বাৰা ৰচিত কবিতা সংকলন । ২০২১ চনত এন এল পাব্লিকেশ্যনছ প্ৰকাশনে গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে। গ্ৰন্থ খনে ২০২৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ২০২৪ চনৰ ডিচেম্বৰ মাহত এন এল পাব্লিকেশ্যনছ প্ৰকাশনে গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই গৈ আছোঁ
বহু যুগৰ ক্ৰোধ আৰু দুখৰ মাজেৰে
বহু যুগৰ গ্লানি আৰু অৱসাদৰ মাজেৰে - আকাশত যিমান ৰং আছে
ফৰিংবোৰে সেই আটাইখিনিকে জানে - তয়েইতো সিদিনা পেৰি পেৰি সুধিছিলি
এই মৰা ৰাতিবোৰে আচলতে ক'তনো বাহৰ পাতে - জিৰিবামক নুসুধিবা মৃত্যুৰ কিয় ইমান অসুখ
জিৰিবামে কেৱল জানে প্ৰতিটো নৱ জন্মৰ গীত - এদিন তুমি আছিলা আমাৰ প্ৰতিটো গানৰে গুৰিয়াল
তোমাৰ কেওফালে ঠাহ খাই আছিল
বীৰগাথা আৰু নৃত্যগাথাৰ সুন্দৰ একোটা ভঁৰাল
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ (২০২৪) ফৰিংবোৰে বাটৰ কথা জানে, পৃষ্ঠা:১১,২৫,৩৬,৪৯,৬৫।