সমললৈ যাওক

ফেৰেংগাদাও

ৱিকিউদ্ধৃতিৰ পৰা

ফেৰেংগাদাও অসমীয়া সাহিত্যৰ এখন কালজয়ী উপন্যাস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনীভিত্তিক এই উপন্যাসখন ৰচনা কৰিছিল সাহিত্যিক মেদিনী চৌধুৰীএ। চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰা উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৮২ চনৰ এপ্ৰিলত।

  1. "তাল-সম-সাম-পট্টিম কৰণ সেয়া। সোঁহাত অভয় মুদ্ৰাত, বাওঁহাত আছে দণ্ড মুদ্ৰাত। শিৱ তাণ্ডৱৰ সেয়া এক অংগহাৰ।"[]
  2. "জীৱনত কি পাচ কৰিলোঁ, কি পাচ নকৰিলোঁ সেই কথাবোৰ একেবাৰে মনত ৰখা নাই। জীৱনৰ আৰু বহুত কথাকে মই মনত ৰখা নাই। পাচ কৰা নকৰা এইবোৰ হ'ল মগজুৰ কথা, বুদ্ধিৰ কথা। মই কিন্তু মগজু বা বুদ্ধি তকৈ হৃদয়ৰ ওপৰত বেছি নিৰ্ভৰ কৰি চলোঁ।"[]
  3. "ফাকি নাথাকিলে গানে মানুহক অভিভূত কৰে। আৰু গানৰ প্ৰভাৱ স্থায়ী হয়।"[]
  4. "কাল্পনিক চৰিত্ৰ ৰূপায়ণত খুঁত থাকিলেও সাধাৰণৰ চকুত নপৰে। কিন্তু সাধাৰণ, নিতউ দেখি থকা বাস্তৱ চৰিত্ৰ এটাক ৰূপায়ণ কৰাটো অত্যন্ত কঠিন কথা। খুঁত যিমানেই সামান্য নহওক লাগিলে মানুহৰ চকুত ধৰা পৰাৰ সম্ভাৱনা থাকিবই।"[]
  5. "বুকুৰ বান্ধৈ, বিপ্লৱ কৰাৰ আগতে নিজে বিপ্লৱী হৈ ল'ব লাগিব। নচেৎ বিপ্লৱ কেতিয়াও সফল নহয়।"[]
  6. "কৃষক-বনুৱা আৰু নিম্ন মধ্যবিত্তৰ অৰ্থনৈতিক মুক্তি অবিহনে দেশৰ ৰাজনৈতিক স্বাধীনতা অৰ্থহীন।"[]
  7. "নিজ ঘৰ বুলিতো মোৰ বিশেষ কোনো ঘৰ নাই। মই যি মুহূৰ্ত্তত য'তে থাকোঁ, সেই মুহূৰ্ত্তত সেয়ে মোৰ নিজা ঘৰ।"[]
  8. "শিল্পী হব লাগিলে মহাসাগৰৰ তলিৰ পৰা বিচাৰি উলিয়াব লাগিব ৰূপ সৌন্দৰ্য।"[]
  9. "সৰ্বহাৰাৰ কাৰণে জীৱন পাত কৰা শিল্পীৰ, সৰ্বহাৰাৰ কাৰণে আজীৱন সংগ্ৰাম কৰা বিপ্লৱীৰ শেষ দশা হয়তো এনেকুৱাই হয়। বলিয়া হৈ বিনা চিকিৎসাতে বাটৰ বলিয়া কুকুৰ-মেকুৰীৰ দৰে মৰাটোৱেই হয়তো সিহঁতৰ জীৱনৰ স্বাভাৱিক পৰিণতি।"[]
  10. "মোৰ জীৱনৰ বোঁৱতী সুঁতি ভটিয়াই হে বয়, উজাই নবয়।"[১০]
  1. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৩২।
  2. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৩৭।
  3. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৮৬।
  4. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৮৯।
  5. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৯৭/৯৮।
  6. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:১০৬।
  7. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:১১৫।
  8. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৩৪৩।
  9. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৩৫১।
  10. চৌধুৰী, মেদিনী (জানুৱাৰী, ১৯৮৭)। ফেৰেংগাদাও। চন্দ্ৰ প্ৰকাশ, পৃষ্ঠা:৪০৯।