প্ৰীতি জিণ্টা
অৱয়ব

প্ৰীতি জিণ্টা (জন্ম: ৩১ জানুৱাৰী, ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ছবিত কাম কৰে। তেওঁ বলিউডৰ অন্যতম সফল অভিনেত্ৰী হিচাপে পৰিচিত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই মোৰ পেছাত এটা পৰিৱৰ্তন আনিব বিচাৰোঁ আৰু নতুন তথা কিবা এটা ব্যতিক্ৰমী কাম কৰিব বিচাৰোঁ। কিন্তু আৰম্ভণিতে মই নীতি-নিয়ম মানি চলিব লাগিব; মই এগৰাকী তাৰকা নহয় বৰঞ্চ এগৰাকী দক্ষ শিল্পী হিচাপে পৰিচিত হ’ব বিচাৰোঁ।
- আইএমডিবি (২৭ নৱেম্বৰ ২০০৬). "Preity Zinta's famous quotes". imdb.com।
- আজিৰ বলিউডৰ অংশ হবলৈ পাই মই গৌৰৱান্বিত। মই আমাৰ গীতবোৰত নৃত্য কৰিবলৈ আৰু লিপ-চিং কৰিবলৈ ভাল পাওঁ।
- আইএমডিবি (২৭ নৱেম্বৰ ২০০৬). "Preity Zinta's famous quotes". imdb.com।
- অভিনয় কৰিবলৈ হ’লে আপুনি যন্ত্ৰণাৰ বিষয়ে জানিব লাগিব। প্ৰেমত পৰাৰ অৰ্থ কি আৰু প্ৰত্যাখ্যাত হোৱাৰ অৰ্থ কি সেয়া আপুনি বুজিব লাগিব।
- আইএমডিবি (২৭ নৱেম্বৰ ২০০৬). "Preity Zinta's famous quotes". imdb.com।
- আপুনি জানে অভিনেত্ৰী হোৱাৰ আটাইতকৈ বেয়া দিশটো কি? সেয়া হ’ল সকলো সময়তে ধুনীয়া হৈ থকাৰ আৰু নিখুঁত আচৰণ কৰাৰ মানসিক চাপ। কিন্তু মই নিখুঁত নহয়, কোনো মানুহেই নিখুঁত নহয়।
- আইএমডিবি (২৭ নৱেম্বৰ ২০০৬). "Preity Zinta's famous quotes". imdb.com।
- প্ৰথম দেখাতেই প্ৰেম হোৱাৰ সন্দৰ্ভত: কাৰোবাৰ মুখখন চাই প্ৰেমত পৰাটো অতি উপৰুৱা কথা। মোৰ বাবে মানুহজনক আৱিষ্কাৰ কৰাৰ প্ৰয়োজন আছে। মই কেতিয়াও কাৰোবাক দেখিয়েই কৈ নিদিওঁ যে— তেৱেঁই মোৰ বাবে উপযুক্ত জন!
- আইএমডিবি (২৭ নৱেম্বৰ ২০০৬). "Preity Zinta's famous quotes". imdb.com।
- মই যিবোৰত আৰাম পাওঁ তাকেই পিন্ধো। মই মিলাই-জলাই পিন্ধিবলৈ ভাল পাওঁ। মই কেতিয়াবা ৰাস্তাৰ কাষৰ দোকানৰ পৰাও কিনো, কেতিয়াবা আকৌ ডাঙৰ ফেশ্বন হাউচৰ পৰাও কিনো।
- ৰেডিফ (১০ অক্টোবৰ ২০০৬). "Styling Preity Zinta". rediff.com।
- মই হঠাতে এই পাৰ্টিটোত অংশ ল’বলগীয়া হৈছিল আৰু মোৰ ওচৰত জোতা নাছিল। গতিকে মই গৈ ১,২০০ ইউৰো মূল্যৰ এক যোৰ জোতা কিনিছিলোঁ। মই সেই জোতাযোৰৰ ফালে চাওঁ আৰু ভাবো 'এয়া মোৰ জীৱনৰ আটাইতকৈ দামী খৰচ'।
- ৰেডিফ (১০ অক্টোবৰ ২০০৬). "Styling Preity Zinta". rediff.com।