প্ৰফুল্ল গোবিন্দ বৰুৱা
অৱয়ব
প্ৰফুল্ল গোবিন্দ বৰুৱা (২৬ জুলাই ১৯৩২ – ১৪ ডিচেম্বৰ ২০২৫) ভাৰতৰ এজন সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক আছিল। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত প্ৰফুল্ল গোবিন্দ বৰুৱাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহে কমকৈ পঢ়া হৈছে বা পঢ়া এৰিছে বুলি ক’লে এইটো এটা শুদ্ধ আৰু সম্পূৰ্ণ মতামত নহয়। মোৰ বোধেৰে মানুহে এতিয়াও পঢ়িব, যদিহে পঢ়িবলগীয়া বস্তুবোৰ তেওঁলোকক দিয়া হয়।[১]
- অৰুনোদইক দেখিহে থলুৱা অসমীয়াসকলেও নিজে সংবাদপত্ৰ বাটটোৰ প্ৰতি আকৃষ্ট হ’ল৷[১]
- প্ৰকৃত সাংবাদিকতাত বাতৰিটো প্ৰকাশ কৰোঁতেই দায়িত্ব শেষ হৈ নাযায়৷ তাৰপাছত বাতৰিটো লৈ মানুহৰ প্ৰতিক্ৰিয়া, মানুহে বিষয়টো কিভাৱে লৈছে ইত্যাদিও চাবলগীয়া বিষয়৷[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ চন্দন, দিলীপ (২০২৬)। গৰীয়সী, পৃষ্ঠা:৫৪-৫৭।