পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ
অৱয়ব
পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ ড° পৰী হিলৈদাৰীৰ এখন সমালোচনাত্মক প্ৰৱন্ধৰ সংকলন। বনলতাই প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০২৪ চনৰ ছেপ্টেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "কেৱল দেশ আৰু জাতিৰ সীমাতে আৱদ্ধ হৈ নাথাকি পৃথিৱীৰ অনান্য দেশৰ ভাষা-সংস্কৃতি-সাহিত্যৰ সৈতে পৰিচিত লাভ কৰি বিশ্ব ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সকলো দেশৰে সাহিত্য অধ্যয়নৰ প্ৰয়োজন।"[১]
- "ৰ'লা বাৰ্থে 'Any text is an intertext' বুলি কোৱাৰ অৰ্থটো তেনেকুৱাই-প্ৰত্যেক পাঠ এক আন্তঃপাঠ আৰু প্ৰত্যেক পাঠেই সেই অৰ্থত এক পুনৰ পঠন।সহজ ভাষাত ক'বলৈ গ'লে প্ৰত্যেক পাঠৰে পূৰ্ব জীৱন আৰু পৰজনম দুয়োটাই থাকে।"[২]
- "সাম্প্ৰতিক কালৰ যিসকল লেখকৰ সাহিত্যকৰ্মক 'উত্তৰাধুনিক' বুলি আখ্যা দিয়া হয়,মন কৰিলে দেখা যায় যে আনকি সেইসকল লেখকৰ লেখাকো সম্পূৰ্ণভাৱে উত্তৰাধুনিক বুলি ক'ব পৰা নাযায়।"[৩]
- " 'A poem is a response to a poem,as a poet is a response to a poet,or a person to his parent.' হেৰল্ড ব্লোমে 'A Map of Misreading'নামৰ কিতাপখনত খুব গুৰুত্বপূৰ্ণ কথা এটাৰ প্ৰতি আমাৰ মনোযোগ আকৰ্ষণ কৰিছে।সেয়া হৈছে, অগ্ৰজ কবিৰ সৈতে সংযোগ নঘটিলে নতুন কবিৰ জন্ম নহয়, প্ৰতিষ্ঠিত কাব্য পৰম্পৰাৰ সৈতে পৰিচয় নহ'লে নতুন কবিতাৰ জন্ম নহয়।"[৪]
- "বহুমাত্ৰিক অৰ্থ নিৰূপক পঠন-প্ৰক্ৰিয়াৰ জৰিয়তে কেৱল যে লেখকৰ একচ্ছত্ৰী আধিপত্যৰহে অৱক্ষয় হয় সেইটো নহয়, ইয়াৰ আটাইতকৈ ইতিবাচক দিশটো হৈছে যে কোনো এক বিশেষ মতাদৰ্শ বা সাহিত্যতত্ত্বৰ একক প্ৰভুত্ব বিস্তাৰৰ ফলত সৃষ্টি হোৱা সংকুচিত বিচাৰধাৰাৰ পৰা ই সাহিত্যক নিৰাপদ কৰি ৰাখে।"[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হিলৈদাৰী,ড° পৰী (ছেপ্টেম্বৰ,২০২৪)। পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ। বনলতা, পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:২৫।
- ↑ হিলৈদাৰী,ড° পৰী (ছেপ্টেম্বৰ,২০২৪)। পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ। বনলতা, পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:৬৭।
- ↑ হিলৈদাৰী,ড° পৰী (ছেপ্টেম্বৰ,২০২৪)। পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ। বনলতা, পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:১০৫।
- ↑ হিলৈদাৰী,ড° পৰী (ছেপ্টেম্বৰ,২০২৪)। পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ। বনলতা, পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:১৭১।
- ↑ হিলৈদাৰী,ড° পৰী (ছেপ্টেম্বৰ,২০২৪)। পুনৰপঠন আৰু অন্যান্য প্ৰসঙ্গ। বনলতা, পাণবজাৰ, গুৱাহাটী-১, পৃষ্ঠা:২০৪।