সমললৈ যাওক

পাৰ্ৱতিপ্ৰসাদ বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

পাৰ্ৱতিপ্ৰসাদ বৰুৱা অসমৰ এগৰাকী কবি-সাহিত্যিক, গীতিকাৰ, চলচ্চিত্ৰ-নিৰ্মাতা আৰু নাট্যকাৰ। তেওঁ গীতিকবি ৰূপে পৰিচিত আছিল। তেওঁ ১৯৪০ চনত ৰূপহী নামৰ কথাছবি নিৰ্মাণ কৰিছিল। ছাত্ৰাৱস্থাতেই তেওঁ “থুপিতৰা’’ নামেৰে এখন হাতেলিখা আলোচনী উলিয়াইছিল।পাৰ্ৱতিপ্ৰসাদ বৰুৱাই ১৯৬১ চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ আছিল।

  1. পূজোঁ আহা আই মাতৃৰ চৰণ কমল
    উঠক বাজি জয়ধ্বনি পৰম মংগল।
    পূজাৰ দ’লৰ চন্দন চ’ৰা
    বন্তি জ্বলাই উজ্জ্বল কৰা
    সুপৱিত্ৰ কৰা ঢালি শান্তিয়নী জল।[]
  2. নোবোলোঁ তোক সোণৰ অসম
    মাটিৰ অসম আই।
    সোণতকৈয়ো যে চ’ৰা এই মাটি
    এয়ে মোৰ ওপজা ঠাই।[]
  3. বেথা তোৰ বুকু ৰতন
    দুখ তোৰ হৃদয়ৰ ধন
    ভঙা তোৰ কলিজাৰ মাত
    ৰঙা তোৰ জীৱনৰ বাট।[]
  4. সেই সময়ত কটন হোষ্টেলত সৰহভাগেই ৰবীন্দ্ৰনাথৰ গান চলিছিল। মই স্কুলত থাকোঁতে … ৰবীন্দ্ৰনাথৰ ‘কেতেকী’, ‘শেফালি’, ‘বৈতালিক’, ‘গাত পাঞ্চালিকা’ আদি সুৰ চানেকীৰ কিতাপ চাই বহুত গীত শিকিছিলোঁ । … পিছে স্কুলত পঢ়া দিনৰে পৰা সদায়েই ৰবীন্দ্ৰনাথ বা দ্বিজেন্দ্ৰলাল ৰায়ৰ গানৰ সুৰত অসমীয়া গান ৰচিলে যে অসমীয়া সুৰৰ ভৱিষ্যৎ গঢ়িব নোৱাৰিম সেই কথাই মোৰ মনত বৰকৈ আঘাত দিছিল। সেই কাৰণেই অসমীয়া লোকগীত, আইনাম, বিয়ানাম, বিহুনামৰ সুৰ মিহলি কৰি ভয়ে ভয়ে গান ৰচিবলৈ আৰম্ভ কৰিলোঁ৷” (পাৰ্বতিপ্ৰসাদ বৰুৱা ৰচনাৱলী, পৃঃ ৩০৮)৷[]
  1. অসমীয়া সাহিত্য-ভঁৰালত পাৰ্ৱতিপ্ৰসাদৰ অৰিহণা লেখত বিছি নহ’লেও জোখত গধুৰ আৰু মূল্যবান-অতুল চন্দ্ৰ হাজৰিকা।[]
  2. চাহ-বাগিচাকেইখনৰ কাৰণে অসমীয়া ৰাইজে বৰুৱাক স্মৰণ নকৰে, স্মৰণ কৰিব আমাৰ সাহিত্য পুঁজিলৈ মানুহজনে যি বৰঙণি যোগাই গ’ল, তাৰ বাবেহে। স্মৰণ কৰিব সাহিত্য ভঁৰাললৈ আগবঢ়োৱা সোণৰ সোলেঙৰ বাবে, সোণৰ হৰিণাৰ স্বপ্নেৰে মানুহৰ মন জাতিষ্কাৰ কৰা বাবে। আমাৰ এই ক্ষুদ্ৰ পৃথিৱীৰ আন্ধাৰ বুকুত যিকণ জোনাকৰ পোহৰ ছটিয়াই গ’ল তাৰ বাবে।- হেম বৰুৱা[]
  3. পাৰ্ৱতিপ্ৰসাদ গীতিকাৰ। গীতৰ মূল ধৰ্ম সুৰ আৰু আবেগ-সঞ্চাৰি ভাব। আকাশ বিহাৰী চৰাইৰ পাখিৰ দৰে গীতৰ শব্দভাৰ পাতল, আকৌ প্ৰতিটো শব্দ ভাবৰ পৰশ-পাথৰত শোধিত হৈ উজ্জ্বল আৰু দীপ্তিমান। শব্দব্ৰহ্ম এই কথা বঢ়িয়াকৈ গীতত প্ৰযোজ্য। -বিৰিঞ্চি কুমাৰ বৰুৱা[]
  4. “মায়াৰ কুঁৱলীত আবৃত মহাজীৱনৰ বন্তিক হাতত তুলি ধৰাৰ মানুহৰ যি স্বপ্ন, তাৰ প্ৰতীক হ’ল এই সোণৰ সোলেং।- সোণৰ সোলেং নৃট্য-নাটিকা সম্পৰ্কে ড°মহেশ্বৰ নেওগ[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ হুছেইন, ইমৰান (১৬-৩১ জুলাই ২০২৫). "গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা:জীৱন আৰু কৃতি". প্ৰান্তিক XLIV (16): ৩৭-৩৯. 
  2. সুৰকাৰ গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱা. আহৰণ কৰা হৈছে: 17 জুলাই 2025.