সমললৈ যাওক

পাহৰণিৰ নৈ

ৱিকিউদ্ধৃতিৰ পৰা

পাহৰণিৰ নৈ বিপুলজ্যোতি শইকীয়াৰ এখন কাব্য গ্ৰন্থ৷

সন্ধিয়াৰো আকাশ আছে, নিজব আকাশ, নিজান আকাশ, মোৰ হাতে ঢুকি পোৱা আৰু তাবো অতীতৰ পৰা বৈ অহা এখন আকাশ

মোৰ বাবে, আৰু মোৰ অতীতৰ বাবে কিমান চিনাকি, অথচ কিমান নতুন এই আকাশ অনন্ত এক স্তব্ধতাৰ মাজত যাৰ উজ্জ্বল অহমিকা; সঁচা মিছা বহু সপোনৰ পাঠশালা পাৰ হৈ যাৰ সৈতে মুখা-মুখি

অবাক সময় আৰু মোৰ নিৰ্বাক বয়স...

মোৰ আছে জানো? সোণালী আকাশ চাব পৰা সেই ৰূপালী চোতাল? আছে জানো মোৰ গানৰ ইমান ধান?.........