পাব্লো পিকাছো
অৱয়ব
পাব্লো পিকাছো (১৮৮১–১৯৭৩) আছিল এজন স্পেনীয় চিত্ৰশিল্পী, ভাস্কৰ, আৰু আধুনিক শিল্পকলাৰ অন্যতম প্ৰধান ব্যক্তিত্ব।

উক্তিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]১.
- শিল্প কেৱল ঘৰ সজোৱাৰ বাবে সৃষ্টি কৰা নহয়; ই শত্ৰুৰ বিৰুদ্ধে সংগ্ৰামত ব্যৱহাৰ হোৱা এক আক্ৰমণাত্মক অস্ত্ৰ।
- La peinture n'est pas faite pour décorer des appartements. C'est un instrument de guerre offensive et défensive contre l'ennemi.
- La pintura no se ha inventado para adornar las habitaciones. La pintura es un arma ofensiva, en la defensa contra el enemigo.
- Les lettres françaises (1943-03-24).
২.
- শৈশৱত মোৰ আয়ে মোক কৈছিল—‘তুমি যদি সৈনিক হোৱা, তেন্তে সেনাপতি হ’বা; আৰু যদি সন্ন্যাসী হোৱা, তেন্তে পোপ হ’বা।’ কিন্তু মই চিত্ৰকৰ হ’লোঁ—আৰু পিকাছো হৈ উঠিলোঁ।
- ফ্ৰেংকো গিলটৰ " লাইফ উইথ পিকাছো (Life with Picasso) ত উদ্ধৃত, ১৯৬৪, পৃ ৬০
৩.
- মই চিত্ৰকলাক আন বস্তুৰ দৰে একে ব্যৱহাৰ কৰোঁ। মই এখন খিৰিকী আঁকো ঠিক তেনেকৈ, যেনেকৈ মই খিৰিকীৰে বাহিৰলৈ চাওঁ। যদি এখন খোলা খিৰিকী এখন চিত্ৰত বেয়া দেখা যায়, তেন্তে মই পৰ্দা টানি বন্ধ কৰি দিওঁ, ঠিক মোৰ নিজৰ কোঠাত কৰাৰ দৰে। চিত্ৰকলাত, জীৱনৰ দৰে, তুমি প্ৰত্যক্ষভাবে কাৰ্য কৰিব লাগে।
- ফ্ৰেংকো গিলটৰ " লাইফ উইথ পিকাছো" (১৯৬৪, পৃষ্ঠা ৬০) ত উদ্ধৃত।
৪.
- সৌন্দৰ্যৰ বিষয়ে একাডেমিক প্ৰশিক্ষণ এটা প্ৰতাৰণা। আমাক প্ৰতাৰিত কৰা হৈছে... পাৰ্থেননৰ সৌন্দৰ্য, ভেনাছ, অপ্সৰা, নাৰ্চিছাছ — এইবোৰ সকলো মিছা। কলা সৌন্দৰ্যৰ কোনো ধৰা-বন্ধা সূত্ৰৰ অধীন নহয়, বৰঞ্চ সহজাত প্ৰবৃত্তি আৰু মগজুৱে নীতি-নিয়মৰ ঊৰ্দ্ধত গৈ কৰা কল্পনা।
- হাৰ্চ্ছেল ব্ৰাউনিং চিপ(১৯৬৮,পৃ ২৭১)
৫
- যেতিয়া আমি কিউবিষ্ট চিত্ৰ আঁকিছিলোঁ [পিকাছো আৰু জৰ্জ ব্ৰাক, তেওঁলোকৰ প্ৰাৰম্ভিক কিউবিষ্ট সময়ত, পেৰিছত], আমাৰ উদ্দেশ্য আছিল কিউবিষ্ট চিত্ৰ উৎপাদন কৰা নহয়, বৰঞ্চ আমাৰ ভিতৰত যি আছিল সেয়া প্ৰকাশ কৰা। কোনেও আমাক কোনো পথ নিৰ্দেশনা দিয়া নাছিল, আৰু আমাৰ বন্ধু কবিসকলে [যেনে অপ্পলিনেয়াৰ আৰু চেণ্ড্ৰেল] আমাৰ প্ৰয়াসক মনোযোগেৰে অনুসৰণ কৰিছিল যদিও তেওঁলোকে কেতিয়াও আমাক নিৰ্দেশ দিয়া নাছিল।(বোয়িছগেলুপ, শীতকাল ১৯৩৪)
- অট্টিঞ্জাৰৰ সম্পাদনাত ওলোৱা ফিউচাৰিজম, চেণ্টাৰ পম্পিড',/৫ কণ্টিনেণ্টচ সংস্কৰণ, মিলান,২০০৮ত উদ্ধৃত।
৬
- সকলোৱে পেইণ্টিং বুজিবলৈ বিচাৰে। কিয় তেওঁলোকে চৰাইৰ গান বুজিবলৈ চেষ্টা নকৰে? কিয় তেওঁলোকে ৰাতি, ফুল, মানুহৰ চৌপাশে থকা সকলো বস্তু ভাল পায়, কিন্তু সেইবোৰ বুজিবলৈ চেষ্টা নকৰে? অথচ চিত্ৰৰ কথা আহিলে তেওঁলোকে বুজিবলৈ বিচাৰে। তেওঁলোকে প্ৰথমতে এয়া বুজক যে শিল্পীয়ে কাম কৰে প্ৰয়োজনৰ তাগিদাত, তেৱোঁ পৃথিৱীৰ এক সৰু অংশ মাথোঁ। প্ৰকৃতিৰ যিমানবোৰ বস্তুৱে আমাক মোহিত কৰে,অথচ আমি সিহঁতৰ ব্যাখ্যা নকৰোঁ সেইবোৰতকৈ অধিক গুৰুত্ব শিল্পীক দিব নালাগে। যিসকলে এখন চিত্ৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে, তেওঁলোক সাধাৰণতে ভুল পথত থাকে।জাৰ্মেইন ষ্টাইনে আনন্দেৰে মোক ক'লে যে তেওঁ অৱশেষত বুজি পাইছে মোৰ চিত্ৰখনত কি আছে: তিনিজন সংগীতকাৰ। কিন্তু সেয়া আছিল এটা স্থিৰ জীৱনৰ চিত্ৰ!বোয়িছগেলুপ, শীতকাল ১৯৩৪]
- অট্টিঞ্জাৰৰ সম্পাদনাত ওলোৱা ফিউচাৰিজম, চেণ্টাৰ পম্পিড',/৫ কণ্টিনেণ্টচ সংস্কৰণ, মিলান,২০০৮ত উদ্ধৃত।