পাতাল ভৈৰৱী (গ্ৰন্থ)
অৱয়ব
পাতাল ভৈৰৱী হৈছে লক্ষ্মীনন্দন বৰা ৰচিত উপন্যাস।১৯৮৮ চনত উপন্যাসখনে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- খাটি খোৱা মানুহে সংসাৰ ধৰ্ম পালন কৰিবই লাগিব। বংশবৃদ্ধিৰ কাৰণেই জগতত সকলো আয়োজন।তাকেই যদি কৰা নহয়,তেনেহলে ভৱিষ্যতৰ বাবে ভবাৰনো কি কাৰণ থাকিব পাৰে?[১]
- এই আখৰকেইটা আৰু এই ইউনিফৰ্মটোৱে মোক বৰ তুচ্ছ কৰি পেলাইছে,নিজৰ ইচ্ছা অনিচ্ছাক শাসন কৰিছে। মই যেন মুকুন্দ নহয় এটা চাকৰিয়াল,এয়ে মোৰ পৰিচয়।এইটোৱেইহে মোক বেথা দিছে।নিজক যেন মই হেৰুৱাই পেলাইছোঁ।[২]
- মতা-তিৰোতাৰ বয়সৰ অমিল বৰ আউল লগা বস্তু।[৩]
- ভাল গিয়ান নেপালে মানুহ সুখী হ'ব নোৱাৰে।সেইবাবেই কোনোটো মানুহ মদৰ ৰাগীত মছগুল।ৰাগীয়ে এৰিলেই সি বিমৰিষ।[৪]
- আজিকালিৰ মানুহৰ মনৰ লেকাম সোলোক-ঢোলোক হৈছে।জীৱনটো আকৌ নেপাম বুলি সন্দেহ হৈছে। কিছুমানৰ আকৌ হতাশা। কিছুমানৰ আকৌ টনা-আজোৰা। কিছুমানে খুব খাটে বাবেও নিচা খায়।মানুহৰ মনৰ এই দুৰ্বলতাখিনিৰ পৰাই জীপ খাই চব ঠাইতে নিচাই আকৌ ভালকৈয়ে খোপনি লৈছে।[৫]
- চোৰাং বেপাৰীবোৰে অৰ্থনীতিৰ তত্ত্ব,সমাজ আৰু কৃষ্টি সংস্কৃতিৰ কথা নেজানিব পাৰে।সিহঁতক নেতাসকলে ফুচুলুওৱা বৰ টান।কাৰণ সিহঁত হ'ল যুগৰ জটিলতাৰ সৃষ্টি আৰু সিহঁতে এটা কথা বুদ্ধিজীৱীসকলতকৈ ভালকৈ জানে যে মানুহৰ প্ৰকৃতি আৰু প্ৰবৃত্তিৰ আদি কালৰে পৰা বিশেষ পৰিৱৰ্তন হোৱা নাই।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ৫.
- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ১১.
- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ২৬.
- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ৪৪.
- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ৫৫.
- ↑ পাতাল ভৈৰৱী, পৃষ্ঠা. ৭১.