পাণিনি
অৱয়ব

পাণিনি (আনুমাণিক খৃষ্টপূৰ্ব ৭ম-৮ম শতিকা) প্ৰাচীন ভাৰতৰ এজন সংস্কৃত ব্যাকৰণবিদ আছিল। তেওঁৰ জন্ম হৈছিল পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ আধুনিক চৰছাদ্দা - চহৰৰ উপকণ্ঠ অঞ্চলৰ পুষ্কলাৱতী, গান্ধাৰত। পাণিনি সংস্কৃত ব্যাকৰণৰ বাবে পৰিচিত, বিশেষকৈ সহায়ক পণ্ডিত বেদাংগৰ ব্যাকৰণ শাখাৰ মূল গ্ৰন্থ অষ্টাধ্যায়ী (अष्टाध्यয়ী অৰ্থাৎ "আঠটা অধ্যায়") নামেৰে জনাজাত ব্যাকৰণত সংস্কৃত ৰূপবিজ্ঞান, বাক্য গঠন আৰু বৈদিক ধৰ্মৰ (হিন্দু ধৰ্ম) অৰ্থবিজ্ঞান শাখাৰ ৩,৯৫৯টা নিয়ম প্ৰণয়নৰ বাবে জনাজাত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যদিও ইয়াৰ বিশেষ প্ৰকৃতিৰ বাবে ইয়াৰ খ্যাতি বহু পৰিমাণে সীমিত, তথাপিও পাণিনিৰ ব্যাকৰণ যে যিকোনো প্ৰাচীন সভ্যতাৰ অন্যতম বৌদ্ধিক কৃতিত্ব, আৰু বিশ্বৰ যিকোনো ঠাইতে ১৯ শতিকাৰ আগতে ৰচিত আটাইতকৈ বিশদ আৰু বৈজ্ঞানিক ব্যাকৰণ তাত কোনো সন্দেহ নাই।[১]
- ব্যাকৰণ সম্পৰ্কীয় অষ্টধ্যায়ী সংস্কৃত গ্ৰন্থ খ্ৰীষ্টপূৰ্ব ষষ্ঠৰ পৰা ৫ম শতিকাত ভাৰতীয় ব্যাকৰণবিদ পানিনিয়ে ৰচনা কৰিছিল। এই গ্ৰন্থখনে ধ্ৰুপদী সংস্কৃতৰ ভাষিক মানদণ্ড নিৰ্ধাৰণ কৰে। ইয়াত বৈদিক ধৰ্মত বিকশিত হোৱা ধ্বনিবিজ্ঞান আৰু ব্যাকৰণ বিজ্ঞানৰ সাৰাংশ ৪০০০ সূত্ৰত উল্লেখ কৰা হৈছে। সংস্কৃত ভাষাৰ ৰূপবিজ্ঞান আৰু বাক্য গঠনৰ সংজ্ঞা নিৰূপণৰ বাহিৰেও পানিনিয়ে তেওঁৰ ৰচনাক আঠটা অধ্যায়ত বিভক্ত কৰিছিল, প্ৰতিটো অধ্যায়ক আৰু চাৰিটাকৈ অধ্যায়ত বিভক্ত কৰা হৈছে।[২]
- অষ্টাধ্যায়ীয়ে কথিত ভাষাত ব্যৱহাৰ কৰা আৰু পবিত্ৰ গ্ৰন্থৰ ভাষাৰ লগত খাপ খোৱা ব্যৱহাৰৰ মাজত পাৰ্থক্য ৰাখে। অষ্টধ্যায়ী বৰ্ণনাত্মক হোৱাৰ লগতে বিৱৰণাত্মক। মেটাৰুল, ৰূপান্তৰ আৰু পুনৰাবৃত্তিৰ জটিল ব্যৱহাৰৰ বাবে অষ্টধ্যায়ীৰ ব্যাকৰণক টুৰিং মেচিনৰ সৈতে তুলনা কৰা হৈছে, যিটো এটা আদৰ্শগত গাণিতিক আৰ্হি যিয়ে যিকোনো কম্পিউটিং যন্ত্ৰৰ যুক্তিসংগত গঠনক ইয়াৰ প্ৰয়োজনীয় বস্তুলৈ হ্ৰাস কৰে।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Encyclopedia Britannica in: Panini Indian grammarian, britannica.com.
- ↑ Encyclopedia Britannica in: Panini Indian grammarian, britannica.com.
- ↑ Encyclopedia Britannica in: "Panini Indian grammarian".