পতঞ্জলি
অৱয়ব

পতঞ্জলি (খ্ৰীষ্টপূৰ্ব ২য় শতিকা) এজন প্ৰাচীন ভাৰতীয় ঋষি, কেইবাখনো সংস্কৃত গ্ৰন্থৰ ৰচনাৰ কৃতিত্ব লাভ কৰে। ইয়াৰে আটাইতকৈ ডাঙৰ গ্ৰন্থখন হৈছে পতঞ্জলিৰ যোগসূত্ৰ, এইখন যোগাসনৰ ধ্ৰুপদী গ্ৰন্থ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আসনে শৰীৰত সিদ্ধতা, ৰূপত সৌন্দৰ্য্য, কৃপা, শক্তি, দৃঢ়তা আৰু হীৰা সদৃশ জিলিকনি আৰু উজ্জ্বলতা আনে।[১]
- কৰ্মযোগ ,যি আত্মাৰ মিলনৰ ফালে লৈ যায়—এটা তীব্ৰ ইচ্ছা, আধ্যাত্মিক আত্ম-আৱিষ্কাৰ আৰু ভগৱানৰ প্ৰতি ভক্তি।[১]
- সঠিক আসন (ভংগীমা) লাভ কৰাৰ পিছত প্ৰাণৰ সঠিক নিয়ন্ত্ৰণ আৰু সঠিকভাৱে উশাহ-নিশাহ গ্ৰহণ আৰু মুক্ত কৰা হয়।[১]
- ধৰি লোৱা ভংগীমাটো স্থিৰ আৰু সহজ হ’ব লাগিব।[১]
- আসনত সিদ্ধতা তেতিয়াহে লাভ হয় যেতিয়া তেনে কৰাৰ প্ৰচেষ্টা অনায়াসে হৈ পৰে আৰু হৃদয়ৰ অসীম শক্তি আৱিষ্কাৰ হয়।[১]
- যোগ হৈছে মনক শান্ত কৰা। মন যেতিয়া শান্ত হয় তেতিয়া আমি আমাৰ প্ৰকৃত স্বভাৱত প্ৰতিষ্ঠিত হওঁ, যিটো হৈছে সীমাহীন চেতনা। আমাৰ প্ৰকৃত স্বভাৱটো প্ৰায়ে মনৰ কাৰ্যকলাপে আৱৰি থাকে।[২]
- চেতনাৰ উচ্চ পৰ্যায়ত আহৰণ কৰা জ্ঞান অনুমান আৰু প্ৰমাণৰ জৰিয়তে আহৰণ কৰা জ্ঞানৰ পৰা পৃথক, কাৰণ ই নিৰ্দিষ্ট বিষয়ৰ সৈতে জড়িত।[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- English translation of the Yoga Sutras by T.K.V.Desikachar, with links to 6 additional English translations and word-by-word definitions of included source text
- Cultivating Loneliness: The Ethical Fragrance of Yoga - A Commentary on Patanjali's Yoga Sutras, by Sri Nitin Kumar.

