ন হন্যতে (গ্ৰন্থ)
অৱয়ব
ন হন্যতে, মৈত্ৰেয়ী দেৱীৰ দ্বাৰা লিখিত এখন আত্মজীৱনীমূলক উপন্যাস।১৯৭৪ চনত পোনপ্ৰথমবাৰৰ কাৰণে এই উপন্যাসখন প্ৰকাশিত হয়।এই উপন্যাসৰ বাবেই লেখিকাই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।এই উপন্যাসখন ভাৰতীয় বিভিন্ন ভাষালৈ অনুবাদ হোৱাৰ লগতে জাৰ্মান, প'লিছ, স্পেনিছ, কোৰিয়ান আদি ভাষালৈকো অনুবাদ হৈছে। চিকাগো প্ৰেছে দেশ-বিদেশত ইংৰাজী সংস্কৰণ প্ৰকাশ কৰি বিতৰণৰ ব্যৱস্থা কৰিছে।অসমীয়া সাহিত্যৰ এগৰাকী পৰিচিত অনুবাদক গংগা প্ৰসাদ হাজৰিকাই অতি সাবলীল ভাষাত 'ন হন্যতে' অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আকাশত উজ্জ্বল হৈ থকা তৰাবোৰ কত মানুহৰ কত যন্ত্ৰণাৰ সাক্ষী। মোৰ সমস্ত মনোজগত এই আকাশখনে মোহি আছে।
- অপ্ৰিয় সত্য এটা গ্ৰহণ কৰিব পৰাকৈ নিজকে সাজু কৰিব পাৰি, কিন্তু অপ্ৰিয় মিছা কথা এষাৰৰ আঘাত বৰ অসহনীয়।
- সময়ৰ সমুদ্ৰ তীৰত
যি জীৱনৰ হেৰালে আঁত
যদি সেয়া আকৌ আহে কেতিয়াবা
পোহৰায় মনৰ আকাশ
চন্দ্ৰতাৰকাৰ স'তে
বহি একে আসনত
সে সূৰ্যস্বৰূপ-
মোক দেখুৱাবা বিশ্বৰূপ-
তেতিয়া মোৰ হাতত নাথাকিব আন কোনো পন্থা-
প্ৰণিধায় কায়ং প্ৰসন্নতা... - দিন হৈছে, ৰাতি হৈছে, এনেকৈ অমোঘ নিয়মত পৃথিৱীৰ চকৰি ঘূৰি আছে।সেই আৱৰ্ত্তনত মোৰ সুখ-দুখ, আনন্দ সকলোবোৰ আনফালে গতি কৰিছে। মাই কৈছে- দুখৰ দহন মাত্ৰ প্ৰথম তিনিদিন থাকে, তেতিয়া সেই দহনত দেহ জ্বলি থাকে, লাহে লাহে দহনৰ উত্তাপ কমি আহে। মাতৃয়ে পুত্ৰশোক পাহৰে, স্বামীৰ শোক পাহৰি বিধৱাও থিয় হ'ব পৰা হয়। ক্ষয় যেনেকৈ হয়, ক্ষতিপূৰণো ঠিক তেনেকৈয়ে হয়। এই কথাষাৰ সকলোৱেই জানে। কোনোবাই কাৰোবাৰ মুখত শুনিছে, আন কোনোবাই কিতাপত পঢ়ি শিকিছে।
- মাৰ চিন্তা হৈছে এতিয়া মোক কেনেকৈ বিয়া দিব? মই নতুনকৈ আন এজনক ভাল পাব পাৰিম জানো? সেয়া ভাল কথা হ'ব জানো? ভালপোৱা এনেকুৱা নহয় যে, এজনৰপৰা অপহৰণ কৰি আনি আন এজনত সমৰ্পণ কৰিব পাৰি।
- ময়ো জানো, পৃথিৱীৰ সকলো মানুহে জানে-ভালপোৱাৰ বাবে আত্মীয় হোৱাৰ আৱশ্যক নাই। ভালপোৱা হ'ল একাঁজলি উজ্জ্বল পোহৰৰ দৰে, এই পোহৰে সকলোৰে মন উজ্জ্বল কৰে। সেই ভালপোৱা এনেকুৱা নহয় যে এজনৰপৰা জোৰ কৰি কাঢ়ি আনি আন এজনক দিব পাৰি। মৰম-ভালপোৱা থাকিলে ঘৰৰ ভৃত্যজন পৰ্যন্ত সকলো আপোন হ'ব পাৰে।
- মানুহ যেন চাৰ্কাচৰ একোটা জন্তু-ৰচীৰ ওপৰেৰে খোজ কাঢ়িব লাগে।খোজ কাঢ়িব জানিলে সুকলমে সিপাৰ পাবাগৈ, নহ'লে মুখথেকেচা খাই তললৈ সৰি পৰিব।
- সৌন্দৰ্য অবিহনে সত্যৰ ৰূপ বৰ ভয়াবহ। প্ৰেমত যদি সৌন্দৰ্যই নাথাকে, তেতিয়াহ'লে থাকিল কি?
- যি ভালপোৱাই মানুহক স্বৰ্গপ্ৰাপ্তি দিয়ে, জীৱনৰ সৌৰভ বিলায়, সেই ভালপোৱাৰ আনটো ৰূপে মানুহক ধ্বংস কৰি পেলায়। বাহিৰৰপৰা দেখাত ভালপোৱাৰ দুয়োটা ৰূপ একেই-যেন দুয়ো যমজ ভাই। এটাই প্ৰাণ দিয়ে, আনটোৱে প্ৰাণ কাঢ়ি নিয়ে।
- সি নিশ্চয় জানে, এখন দৰ্জাৰ মাজত এখন ছবিৰ নিচিনাকৈ মই ৰৈ আছো, তাৰ বক্ষলগ্ন দেখি আছো-সি কৈছে- অমৃতা, তোমাৰ শৰীৰটো নহয়, তোমাৰ আত্মাটোহে মই চুই চাব খোজো।
- এষাৰ কথা সঁচা-শৰীৰৰ স্থায়িত্ব নাই। আত্মা অমৰ ন হন্যতে হন্যমানে শৰীৰে। মোৰ শৰীৰটো ক'ত? সেই যৌৱন নিকুঞ্জ শুকাই গ'ল-জীৰ্ণ বৃদ্ধ শৰীৰ, চুলিখিনিত ৰূপালী কলপ-মুখতো বলিৰেখা পৰিছে-অথচ জীৱনৰ পৰম অনুভূতি মই অক্ষত হৈ থকা দেখিছো। এই অনুভূতি কোনেও ধ্বংস কৰিব নোৱাৰে-না মোৰ বাবাই পাৰিব, ময়ো নোৱাৰো, কালেও নোৱাৰে। না মোৰ অহংকাৰে পাৰিব, না মোৰ জীৱনৰ সমৃদ্ধ অভিজ্ঞতাই পাৰিব। এতিয়া মই অমৰত্ব লাভ কৰিছোঁ।
- কেৱল প্ৰেমেইহে কাল আৰু বিস্মৃতিক জয় কৰিব পাৰে। প্ৰেম-ভালপোৱা আৰু প্ৰেমৰ কালজয়ী শক্তি লোপ পালেই মানুহ ধ্বংস হয়, তেতিয়াই কালৰ ওচৰত মানুহ পৰাজিত হয়।
- মই নৈৰাশ্যবাদী নহয়, ইমান সময়ে মোৰ বুকুত পাখি ভাগি হাহাকাৰ কৰি থকা আশাৰ এজনী টুনি চৰাই উৰি আছিল-মিৰ্চাৰ কথাষাৰ শুনাৰ লগে লগে নতুন ঘটনাৰ সূচনা হ'ল। পাখি ভগা সেই সৰু চৰাইজনী হঠাৎ ফিনিক্স পখী হৈ গ'ল-ফিনিক্স পখী কোনোবাই দেখিছে নে? দেখিবলৈ ঠিক আলাবাট্ৰছৰ নিচিনা-সেই বিৰাট খগেন্দ্ৰই তাৰ বিশাল শুভ্ৰ দুটি পাখি মেলি মোক লৈ উৰ্দ্ধগামী হ'ল-লগে লগে তাৰ পঢ়া কোঠাটোৰ ছাদখন পেণ্ডুৰাৰ বাকচৰ নিচিনাকৈ খুলি গ'ল-দেৱালবোৰ নোহোৱা হ'ল-কিতাপৰ শিলবোৰ একো একোটা পানীৰ ঢৌ হ'ল-মই জলকল্লোল শুনিবলৈ পালো।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ দেৱী,মৈত্ৰেয়ী।ন হন্যতে।পৃষ্ঠা-১১,৮১,১৯১,২১৯,২৪৪,২৪৯,২৮৮