নুছৰত ফতেহ আলী খান
উস্তাদ নুছৰাত ফাতেহ আলী খান (ইংৰাজী: Ustad Nusrat Fateh Ali Khan ); তেওঁ মূলতঃ কাৱালীৰ সৈতে জড়িত আছিল। কাৱালী হ'লপাকিস্তান আৰু ভাৰতৰ চুফী ভক্তিমূলক সংগীতৰ এটা ধাৰা। [১][২] তেওঁক সৰ্বকালৰ অন্যতম প্ৰভাৱশালী দক্ষিণ এছিয়াৰ গায়ক হিচাপে গণ্য কৰা হয়। বহুলভাৱে "শ্বাহানশ্বাহ-ই-কাৱালী" (আক্ষৰিক অৰ্থত: 'কাৱালীৰ সম্ৰাট') হিচাপে গণ্য কৰা তেওঁক এন পি আৰৰ দ্বাৰা '৫০ গৰাকী শ্ৰেষ্ঠ কণ্ঠ'ৰ ভিতৰত অন্যতম আৰু ৰলিং ষ্টোনৰ দ্বাৰা "সৰ্ব সময়ৰ২০০ শ্ৰেষ্ঠ গায়ক"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়। নিউয়ৰ্ক টাইমছে খানক নিজৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ কাৱালী গায়ক বুলি অভিহিত কৰিছে। আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত কাৱালী সংগীতৰ পৰিচয় দিয়াৰ কৃতিত্ব লাভ কৰা শিল্পীগৰাকীয়ে নিজৰ অসাধাৰণ কণ্ঠৰ পৰিসৰৰ বাবে সুপৰিচিত আছিল আৰু একে সময়তে কেইবা ঘণ্টা ধৰি অতি আৱেগ আৰু শক্তিৰে পৰিবেশন কৰিবলৈ সক্ষম আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এজন মানুহে গোটেই জীৱন শিকে, আৰু যিদিনা তেওঁ ভাবিছে যে তেওঁ সকলো শিকিলোঁ, সেইদিনাই তেওঁ মৰে।[৩]
- কাৱাল হোৱাটো কেৱল শিল্পী বা পৰিবেশক হোৱাতকৈও অধিক। সংগীতৰ জৰিয়তে আনন্দ বিচাৰিবলৈ হ’লে মন আৰু আত্মাক শৰীৰৰ পৰা মুক্ত কৰাৰ মানসিকতা থাকিব লাগিব। কাৱালী নিজেই এক জ্ঞান।[৪]
- বাদ্যযন্ত্ৰ পশ্চিমীয়া হ’লেও মোৰ কণ্ঠ মোৰ নিজৰ ৰাগৰ পৰা কেতিয়াও বিচ্যুত নহয়। পৰীক্ষা-নিৰীক্ষা ঠিকেই আছে, আৰু মই বহুত পৰীক্ষা-নিৰীক্ষা কৰো, কিন্তু মোৰ চিন্তাবোৰ সদায় এটা কেন্দ্ৰৰ আশে-পাশে ঘূৰি থাকে ,আৰু সেই কেন্দ্ৰটো হৈছে মোৰ পূৰ্বপুৰুষৰ পৰম্পৰা, শাস্ত্ৰীয় সংগীত।[৫]
নুছৰতৰ বিষয়ে উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কিছুমান গায়ক কেৱল মহান, আৰু কিছুমানৰ কণ্ঠ এনেকুৱা যিয়ে সময়ৰ সীমা অতিক্ৰম কৰে। প্ৰয়াত নুছৰত ফাতেহ আলী খানে কেৱল সময়েই নহয়, ভাষা আৰু ধৰ্মৰ সীমা অতিক্ৰম কৰিলে। যেতিয়াই তেওঁ মুখখন মেলিছিল, তেতিয়াই যাদু আছিল— পবিত্ৰ আনন্দৰ অনুভৱ যিটোৱে ৰোমাঞ্চকৰ আৰু গভীৰভাৱে মন চুই যোৱা দুয়োটা দিশতে আছিল। আনকি তেওঁৰ গোৱা এটা শব্দও বুজি নোপোৱা আৰু তেওঁৰ চুফী পৰম্পৰাৰ সৈতে পৰিচিত নথকা পশ্চিমীয়া শ্ৰোতাসকলৰ বাবেও চকুলোৰে ডুব যোৱাটো অস্বাভাৱিক নাছিল।
- 'Chris Nickson '-GlobalRhythm, http://www.globalrhythm.net/WorldMusicLegends/NusratFatehAliKhan.cfm
- তেওঁ মোৰ বাবে এলভিছ। মই নুছৰতক মোৰ আদৰ্শ বুলি গণ্য কৰোঁ, তেওঁ এগৰাকী ভগৱান।
- Jeff Buckley, Live at Sin-é (Legacy Edition). Sony Music (2003). http://www.streetphotos.net/blog/index.php/archives/2004/11/10/hes-my-elvis-jeff-buckley-on-nusrat-fateh-ali-khan
- আমাৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ গায়ক নুছৰত। তেওঁৰ কণ্ঠই যেতিয়া ওপৰৰ অংশত উপনীত হয়, তেতিয়া ইয়াৰ পৰা এক আত্মাস্পৰ্শীতা আৰু আধ্যাত্মিকতা নিৰ্গত হয় যিটো অতুলনীয়।
- পিটাৰ গেব্ৰিয়েল,"নুছৰত ফাতেহ আলী খান এ লিভিং লিজেণ্ড"
- তেওঁৰ মাতটো আছিল স্বৰ্গলৈ যোৱাৰ এক নলীকা।
- 'Aryn Baker' - TIME 2006 article Time 2006
তথ্যৰ উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ "Nusrat Fateh Ali Khan’s Voice Stunned the World (and Will Again) (Published 2024)", 2024-09-17. (in en)
- ↑ "Review/Music; Mysticism And Fervor: Nusrat Khan And Group (Published 1989)", 1989-10-30. (in en)
- ↑ Nusrat Fateh Ali Khan, India 1997,Rediff Interview, http://www.rediff.com/entertai/apr/05nusra1.htm
- ↑ Nusrat Fateh Ali Khan ,1993, a winter performance at the Gateway Theater in Chicago,Interviewed by Andy Carvin, http://edwebproject.org/nusrat.html
- ↑ Nusrat Fateh Ali Khan on release of his biography,1992. Statement was included in the book Ahmed Aqeel Ruby, Nusrat Fateh Ali Khan: A Living Legend, translated by Sajjad Haider Malik, Lahore: Words of Wisdom, (1992)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Nusrat Fateh Ali Khan Lyrics Translations at nusrat.info fansite
- Nusrat Fateh Ali Khan Quotes at nusratonline.com
- Nusrat Fateh Ali Khan Fan Page at Facebook.com
