নাৰায়ণ মূৰ্তি
অৱয়ব

'নাগাৱৰা ৰামাৰাউ নাৰায়ণ মূৰ্তি (ইংৰাজী: Nagavara Ramarao Narayana Murthy ) (জন্ম ২০ আগষ্ট, ১৯৪৬), চমূকৈ নাৰায়ণ মূৰ্তি বুলি প্ৰচলিত। নাৰায়ণ মূতি এজন বিখ্যাত ভাৰতীয় আই টি উদ্যোগপতি আৰু ব্যৱসায়িক পৰামৰ্শ, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু আউটচ'ৰ্চিং সেৱা প্ৰদান কৰা বহুজাতিক নিগম ইনফ'ছিছৰ সহ-প্ৰতিষ্ঠাপক।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাৰ সম্পত্তিবোৰ প্ৰতিদিনে সন্ধিয়া দুৱাৰৰ পৰা ওলাই যায়। আমি নিশ্চিত হ’ব লাগিব যে এই সম্পত্তি পিছদিনা ৰাতিপুৱা ঘূৰি আহে।
- In Has Narayana Murthy's return at Infosys worked for the IT major?. প্ৰকাশক: Economic Times (24 December 2013). আহৰণ কৰা হৈছে: 26 December 2013.
নাৰায়ণ মূৰ্তিৰ জীৱন পাঠৰ পৰা (২০১৩)
[সম্পাদনা কৰক | উৎস সম্পাদনা]Life lessons from Narayana Murthy. প্ৰকাশক: Rediff.com (28 May 2007). আহৰণ কৰা হৈছে: 26 December 2013.
- যেতিয়া আপুনি এদিন পৃথিৱীত নিজৰ এক সুকীয়া স্থান দখল কৰে, তেতিয়া মনত ৰাখিব যে শেষত আমি সকলোৱেই আমি উপাৰ্জন কৰা ধনৰ অস্থায়ী ৰক্ষকহে, সেয়া আৰ্থিক, বৌদ্ধিক বা আৱেগিক হওক। আপোনাৰ সকলো ধন-সম্পত্তিৰ সৰ্বোত্তম ব্যৱহাৰ হ’ল আপোনাৰ তুলনাত কম সৌভাগ্যৱানসকলৰ লগত ভাগ কৰা।
- মোৰ বিশ্বাস আমি সকলোৱে, এটা সময়ত, আমি নিজে ৰোপণ নকৰা গছৰ ফল খাইছো। যেতিয়া সময় আহিব, যেতিয়া আমাৰ দান দিয়াৰ পাল আহে, তেতিয়া আমাৰ কৰ্তব্য যে আমি এনেকুৱা ফলৰ বাগিচা ৰোপণ কৰা, যাৰ ফল আমি হয়তো কেতিয়াও নাপাওঁ, কিন্তু যিয়ে ভৱিষ্যত প্ৰজন্মক বহুখিনি উপকৃত কৰিব। মই বিশ্বাস কৰোঁ যে এয়া আমাৰ পবিত্ৰ দায়িত্ব, আৰু সময় আহিলে আপোনালোকেও সেই দায়িত্ব পালন কৰিব বুলি আশা কৰিছোঁ।
- মই নিশ্চিতভাৱে ক’ব পাৰো যে অভিজ্ঞতাৰ পৰা মোৰ শিকিব পৰা এই বিশ্বাস, বৃদ্ধিৰ মানসিকতা, আকস্মিক পৰিঘটনাৰ শক্তি আৰু আত্ম-প্ৰতিফলনে মোক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰিছে।
- অভিজ্ঞতাৰ পৰা শিকিবলৈ কঠিন হ’ব পাৰে। বিফলতাৰ পৰা শিকাতকৈ সফলতাৰ পৰা শিকিব পৰাটো অধিক কঠিন হ’ব পাৰে। যদিহে আমি বিফল হওঁ তেন্তে আমি সঁচা কাৰণবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰোঁ। সফলতাই চিন্তা নকৰাকৈয়ে আমাৰ পূৰ্বৰ সকলো কাৰ্য্যক শক্তিশালী কৰিব পাৰে।
- মোৰ বিশ্বাস আপুনি ক’ৰ পৰা আৰম্ভ কৰে তাৰ গুৰুত্বটো কম। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি কেনেকৈ আৰু কি শিকে। যদি শিক্ষণৰ মানদণ্ড ভাল হয়,তেন্তে আপোনাৰ বিকাশৰ স্তৰ দ্ৰুত হ’ব, আৰু সময়ৰ লগে লগে আপুনি হয়তো আগতে উপনীত হ’ব নোৱাৰা ঠাইত নিজকে বিচাৰি পাব।
নিউ মিলেনিয়ামৰ উদ্যোগী
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- About Us:N.R. Narayana Murthy. প্ৰকাশক: Infosys.com.
