সমললৈ যাওক

নাথুৰাম গডছে

ৱিকিউদ্ধৃতিৰ পৰা
১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ বিচাৰৰ সময়ত নাথুৰাম গডছে

নাথুৰাম বিনায়ক গডছে (১৯ মে’ ১৯১০ – ১৫ নৱেম্বৰ ১৯৪৯) আছিল মহাত্মা গান্ধীৰ হত্যাকাৰী। তেওঁ এগৰাকী হিন্দু জাতীয়তাবাদী আছিল, যিয়ে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিৰলা হাউচত এক সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত গান্ধীক অতি ওচৰৰ পৰা বুকুত তিনিবাৰ গুলীয়াইছিল। গডছে ৰাজনৈতিক দল হিন্দু মহাসভাৰ সদস্য আছিল; লগতে তেওঁ সোঁপন্থী হিন্দু অৰ্ধসামৰিক স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল। ইয়াৰ উপৰিও তেওঁ হিন্দুত্ব মতাদৰ্শৰ সৃষ্টিকৰ্তা তথা তেওঁৰ গুৰু বিনায়ক দামোদৰ সাভাৰকাৰৰ কৰ্মৰাজিৰ এজন প্ৰচাৰক আছিল।

  1. “শৈশৱত মই কেতিয়াও চুৰি কৰা নাছিলো, গতিকে দেউতাৰ ওচৰত ক্ষমা বিচৰাৰ কোনো প্ৰশ্নই নাছিল।” (গান্ধীৰ আত্মজীৱনীমূলক কাহিনীৰ কথা উল্লেখ কৰি গডছেই প্ৰকাশ কৰিছিল, য'ত গান্ধীয়ে পিতৃৰ ঘড়ীৰ পৰা সোণৰ টুকুৰা এটা চুৰি কৰি লৈছিল আৰু পিছলৈ পিতৃৰ ওচৰত ক্ষমা বিচাৰিছিল। — উৎস: Frases de Nathuram Godse)
  2. "মই গান্ধীক গুলি কৰিলোঁ, কাৰণ মই বিশ্বাস কৰিছিলোঁ যে তেওঁৰ নীতিসমূহে দেশৰ ক্ষতি কৰিছে।" (আদালতত দিয়া নিজৰ আত্মপক্ষ সমৰ্থনৰ বক্তব্য। — উৎস: मैंने गांधी को क्यों मारा?)
  3. এজন ব্যক্তি কেতিয়াও জাতিতকৈ ডাঙৰ নহয়, নানা। কিন্তু গান্ধীয়ে নিজকে জাতিতকৈ ডাঙৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে। (উৎস: Why I Killed Gandhi?)
  4. শিৱাজী, ৰাণা প্ৰতাপ, গুৰু গোবিন্দ সিং আদি ইতিহাসৰ উচ্চ যোদ্ধাক বিপথে পৰিচালিত দেশপ্ৰেমিক বুলি গৰিহণা দি গান্ধীজীয়ে কেৱল নিজৰ আত্ম-অভিমান উদঙাই দিছে। (উৎস: Why I Killed Gandhi?)
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: