নবীনচন্দ্ৰ বৰদলৈ
অৱয়ব

নবীনচন্দ্ৰ বৰদলৈ (জন্ম:১৮৭৫ – মৃত্যু:১৯৩৬) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা আছিল। অসমৰ প্ৰতি তেওঁৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেওঁক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 'গৃহলক্ষ্মী' আৰু 'কৃষ্ণলীলা' তেওঁৰ মৌলিক নাট্য ৰচনা।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সংযম সকলো যুদ্ধ, সকলো মহৎ কামৰ প্ৰথম অধ্যায়।[১]
- বীৰত্বৰ বল প্ৰয়োগত নহয়, সংযমতহে।[১]
- অজস্ৰ টকা-পইচা থাকিলেও যি ব্যক্তিৰ চৰিত্ৰ নাই, তেওঁৰ আচলতে একোৱেই নাই।[১]
- আসামত শ্ৰীকৃষ্ণৰ প্ৰতি সখীভাবৰ প্ৰচলন নাই, — কেৱল দাস্য ভাবৰেহে প্ৰচলন সেই দেখি আসামৰ বিগ্ৰহ সকলৰ লগত ৰাধা নাই। কুচবিহাৰৰ মদনমোহন, বৰপেটাৰ কলিয়া ঠাকুৰ, আউনিআটীৰ গোবিন্দ, দক্ষিণ পাটৰ যাদবৰায় কোনো বিগ্ৰহৰ লগতে ৰাধা নাই। জীবাত্মা ৰুপিণী গোপিনী আৰু পৰমাত্মাৰুপী কৃষ্ণৰ মহামিলনেই শ্ৰীশঙ্কৰ আৰু মাধব গুৰুৰ গ্ৰন্থৰ চৰম ভাৱ।[২]
- সখি ৰাখা মোৰ প্ৰাণ।
কোনেনো বজালে বীণা দিয়া সমিধান।
ধীৰে ৰাধা ৰাধা গায়,
হিয়া মোৰ পমি যায়,
চকুলো উপচি আহে শুনি সেই গান॥(গীত)[৩]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৪৯, ১১২। ISBN: 81-7206-117-5।
- ↑ কৃষ্ণলীলা. আহৰণ কৰা হৈছে: 8 মে' 2025.
- ↑ সংগীত কোষ. আহৰণ কৰা হৈছে: 10 মে' 2025.
