নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা
অৱয়ব
নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা কবি অচ্যুত কুমাৰ বৰাৰ কাব্য সংকলন। ২০২২ চনৰ সাহিত্য অকাদেমি যুৱ বঁটাৰ বাবে চূড়ান্ত তালিকাভুক্ত [১] সংকলনখন তপোবন প্ৰকাশনে প্ৰকাশ কৰিছিল। কাব্য সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০১৪ চনৰ ফেব্ৰুৱাৰীত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "মোৰ পঁজাৰ বাহিৰে-ভিতৰে
এজাক জোনাকী পৰুৱা
একোঠালি আন্ধাৰ নিঃশেষ কৰিবলৈ
সিঁহতৰ ভীষণ অপ্ৰচেষ্টা"[২] - "শোষণৰ বিষ সেৱন কৰি
বটিয়াই দিয়ে তেওঁ
জীয়াই থকাৰ সমস্ত হেঁপাহ"[৩] - "পুৰঠ ৰ'দ এটাৰ হাতত ধৰি
সি গুচি গ'ল ভাটিৰ দেশলৈ
পাৰঘাট ধূসৰিত হৈ ৰ'ল ইঞ্জিনৰ গৰম ধোঁৱাৰে।"[৪] - "তেওঁৰ নাঙলৰ সীৰলুৱেদি
ওভাচালি ৰ'দ এটা উঠি আহি
বাঁহ গছৰ ওপৰত ৰয়"[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Sahitya Academi Press Release (2022). আহৰণ কৰা হৈছে: 4 ডিচেম্বৰ 2025.
- ↑ বৰা, অচ্যুত কুমাৰ (২০১৪)। নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা। তপোবন, পৃষ্ঠা:২৭।
- ↑ বৰা, অচ্যুত কুমাৰ (২০১৪)। নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা। তপোবন, পৃষ্ঠা:৪১।
- ↑ বৰা, অচ্যুত কুমাৰ (২০১৪)। নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা। তপোবন, পৃষ্ঠা:৬০।
- ↑ বৰা, অচ্যুত কুমাৰ (২০১৪)। নদী তুমি ভগ্ন হৃদয়ৰ ঠিকনা। তপোবন, পৃষ্ঠা:১৩।