ধূলিয়ৰি ভৰিৰ সাঁচ
অৱয়ব
ধূলিয়ৰি ভৰিৰ সাঁচ সাহিত্য অকাডেমি বঁটা বিজয়ী কবি ৰবীন্দ্ৰ সৰকাৰৰ কাব্যগ্ৰন্থ। ষ্টুডেন্টচ্ ষ্ট'ৰচ এ ২০১১ চনৰ অক্টোবৰত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনে ২০১৩ বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "কথাৰ সিপাৰে তুমি ৰৈ আছা
আন্ধাৰ আৰু পোহৰৰ দুমোজাত
শিল্পিত কৰুণ এটি নীৰৱতা।"[১] - "অন্তহীন এই জীৱনৰ সেউজীয়া
অন্তহীন এই মৃত্যুৰ ধূসৰতা
মানুহ হ'বলৈ আৰু আন্ধাৰ দিয়া মোক!" [২] - "তোমাৰ মুখৰ আৰ্চিখনত
এতিয়া মোৰ শোকৰ ছাঁ নপৰে।"[৩] - "জিপ্ জিপ্ বৰষুণ
একেটাই আমাৰ অন্তৰৰ ভাষা
একেই জোন-বেলি-তৰা
তোমাৰ-মোৰ তেজৰ ৰং।"[৪] - "তই কাৰ ঘৰৰ জীয়ৰী
হেৰ, যাবি ক'লৈ, এথোন সকলোতে মৰিশালি।"[৫] - "মোৰ বুকুৰ কামিহাড়বোৰত
ৰেপি থকা বেহেলাৰ দৰে
ঘুণে খোৱা শব্দ এটা বাজি থাকে।"[৬] - "সাগৰক ওভতাই দিবৰ মন যায় তাৰ ঢউবোৰ
পানীক শেলুৱৈবোৰ
মানুহক হেৰাই যোৱা হৃদয়বোৰ।"[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:১০।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:১৩।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:২৪।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:৪৩।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:৫১।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:৬০।
- ↑ সৰকাৰ, ৰবীন্দ্ৰ (২০১১)। ধূলিয়ৰি ভৰিৰ সাঁচ। ষ্টুডেন্টচ্ ষ্ট'ৰচ, পৃষ্ঠা:৬৪।