ধন্য নৰ তনু ভাল
অৱয়ব
ধন্য নৰ তনু ভাল চৈয়দ আব্দুল মালিক ৰচিত এখন উপন্যাস।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখন চাৰিটা খণ্ডত বিভক্ত।উপন্যাসখনৰ প্ৰথম প্ৰকাশৰ চন ১৯৮৭।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কান্দিলে যেনেকৈ একো নহয়,হাঁহিলেও একো নহয়।বনজুয়ে আমাৰ ঘৰ যেনেকৈ পুৰিলে,দেৱী-দেৱতাৰ ঘৰো পুৰিলে।পিছে বনপোৰা জুইক কোনেনো কি কৰিব পাৰিলে ?সেয়েহে বোলো দুখ কৰি,চকুপানী টুকি বহি থাকিলে গাৰ ৰসহে কমিব-[১]
- মন বন্ধনহাৰা।ঘৰৰ চাৰিবেৰে আগুৰি ৰাখিব নোৱাৰে।মনৰ মাজৰ ভাষা-নোহোৱা কথাবোৰ সুৰ হয়,সুৰবোৰ গীত হয়,গীতবোৰ নৈৰ কলধ্বনি হয়,অৰণ্যৰ বাঙ্ময় ছন্দ হয়।[২]
- বিদ্যা শিক্ষা কৰিলেই ধৰ্মৰ কথাও শিকা হয়;সংসাৰৰ কথাও শিকা হয়।বিদ্যা নেথাকিলে জ্ঞান নহয়,জ্ঞান নহ'লে ঈশ্বৰ,মানুহ কাকো চিনিব বুজিব নোৱাৰি।[৩]
- পিছে মইনা চৰায়ে মাত লোৱাদি মাত ললে জ্ঞান নহয়।শিকিবও লাগে,বুজিবও লাগে।বুজি শিকিলেহে বিদ্যা কামত আহে।[৩]
- মানুহে বাট বিচাৰি নেপায়।নৈয়ে নিজা বাট বিচাৰি পায়।বনৰীয়া হাতী-বাঘ-ম'হ-গাহৰিয়ে, ভালুক-শিয়ালে বাট উলিয়াই লয়।[৪]
- শাস্ত্ৰত হেনো কৈছে বোলে দুৰ্জনক দেখিলে সদ্জন পলাব লাগে,পিছে দুৰ্জনক এৰি থৈ আঁতৰি গ'লে সিহঁতনো ভাল হ'ব কেনেকৈ?সদ্জনৰ ছাঁত আমি দুৰ্জনো ভাল হ'ব পাৰো,গেৰেকানি দেখি সূৰুয পলালে গেৰেকানি কেতিয়াবা শুকাব জানো?[৫]
- কোনো বস্তু প্ৰাচীন হ'লেই,সি দুৰ্লভো হয়,দুৰ্লভ প্ৰাচীন বস্তুক পবিত্ৰ জ্ঞান কৰা হয়।পবিত্ৰ বস্তুক আছুতীয়াকৈ সংৰক্ষণ কৰাটোকে ধৰ্মৰ কাম বা পুণ্য বুলি ধৰা হয়।সেই দেখি কোনো ধৰ্মগ্ৰন্থ যিমানে পুৰণি হয় সিমানে তাক বেছি পবিত্ৰ বুলি গণ্য কৰা হয়।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ৪৭.
- ↑ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ৫৯.
- ↑ ৩.০ ৩.১ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ৬১.
- ↑ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ৮৫.
- ↑ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ১২৩.
- ↑ ধন্য নৰ তনু ভাল, ২০২২, পৃষ্ঠা. ১৫২.
