সমললৈ যাওক

দ্য ডা ভিঞ্চি ক'ড

ৱিকিউদ্ধৃতিৰ পৰা

দ্য ডা ভিঞ্চি ক'ড (২০০৩) হৈছে ডেন ব্ৰাউনে লিখা এখন ৰহস্য উপন্যাস [], য'ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰবাৰ্ট লেংডন নামৰ এজন "প্ৰতীকবিজ্ঞানী" আৰু তেওঁৰ হলি গ্ৰেইলৰ সন্ধানৰ বিষয়ে উল্লেখ কৰা হৈছে। ২০০৬ চনত নিৰ্মিত দ্য ডা ভিঞ্চি কোড নামৰ মাৰ্কিন চলচ্চিত্ৰ এই উপন্যাসখনৰ আধাৰত নিৰ্মিত।

  • আমি গ্ৰেইল অনুসন্ধানত আছো, ছফি। আমাক সহায় কৰিবলৈ এজন নাইটতকৈ ভাল কোন হʼব পাৰে?
    • ৰবাৰ্ট লেংডন, লেই টিবিংক লগ পোৱাৰ আগতে, অধ্যায় ৩৮
  • যিসকলে সত্যৰ সন্ধানত, তেওঁলোক বন্ধুতকৈও বেছি। তেওঁলোক ভাই।
    • ছাৰ লি টিবিং, অধ্যায় ৫২
  • ইতিহাস সদায় বিজয়ীসকলে লিখে। যেতিয়া দুটা সংস্কৃতিৰ সংঘৰ্ষ হয়, তেতিয়া পৰাজিতজন নিঃশেষ হৈ যায় আৰু বিজয়ীয়ে ইতিহাসৰ কিতাপবোৰ লিখে— যিবোৰ কিতাপে নিজৰ উদ্দেশ্যক মহিমামণ্ডিত কৰে আৰু পৰাজয়ী শত্ৰুক হেয়জ্ঞান কৰে। নেপোলিয়নে এবাৰ কোৱাৰ দৰে, "ইতিহাস কি, ই এটা বেছিভাগে একমত হোৱা উপকথাৰ।" স্বভাৱতে ইতিহাস সদায় একপক্ষীয় বিৱৰণী।
    • ছাৰ লি টিবিং, অধ্যায় ৬০
  • মোৰ অভিজ্ঞতা অনুসৰি পুৰুষে নিজৰ ইচ্ছামতে লাভ কৰাতকৈ ভয় কৰা বস্তুটো এৰাই চলিবলৈ বহুত বেছি কষ্ট কৰে।
    • ছাৰ লি টিবিং, অধ্যায় ৬২
  • অন্ধসকলে যি চাব বিচাৰে তাকেই দেখে।
    • ছাৰ লি টিবিং, অধ্যায় ১০৩
  1. Brown, D. (2003). The Da Vinci Code/Dan Brown. NY: Random House.